চিৰাঙৰ জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী, নিৰাপত্তাৰ দাবীত প্ৰতিবাদ

ক’ভিডত সমগ্ৰ দেশ অসুস্থ হৈ থকা সময়তে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ নিৰাপত্তা বিচাৰি প্ৰতিবাদ চিকিৎসা কৰ্মীসকলৰ ।

চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ক’লা বেজ পৰিধান কৰি ৰাতিপুৱা ১১ বজাত চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে ।

চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ নিৰাপত্তা নিশ্চিত কৰা, চিকিৎসা কৰ্মীক আক্ৰমণ কৰা বন্ধ কৰা আদি‌ বিভিন্ন দাবীৰে হাতত প্লেকাৰ্ড লৈ চিকিৎসা কৰ্মীসকলে ক’লা বেজ পৰিধান কৰে ।

Exit mobile version