পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ১৪ বছৰীয়া কিশোৰী

WhatsApp Image 2021 06 19 at 7.03.20 PM

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী ১৪ বছৰীয়া কিশোৰী।

কিশোৰী আৰু তেওঁৰ মাতৃ কৃষি কাৰ্য্য শেষ কৰি ঘৰলৈ উভতি যোৱাৰ পথত খেৰণি থানা অন্তৰ্গত মাণ্ডৱত সংঘটিত হয় এই ঘটনা।

লংকাৰ পৰা দয়াংমুখ অভিমুখে আহি থকা এখন এম এল ০৪ এ ০৪২১ নম্বৰৰ ইণ্ডিকা বাহনৰ প্ৰচণ্ড খুন্দাত থিতাতে নিহত হয় দুই নম্বৰ বাগিছা ডুবি গাঁৱৰ ছায়া ৰাজভৰ নামৰ কিশোৰীগৰাকী। ইতিমধ্যে বাহনসহ চালকক আটক কৰিছে খেৰণি আৰক্ষীয়ে।

Exit mobile version