মেষঃ মাংগলিক কিবা কাম কৰো বুলি ভাবিছে যদি দিনৰ ২/০৫ ৰ তিৰত শুভ । কৰ্মস্থানত জটিলতা কমিব । আপোনাৰ কৃতিত্ব অক্ষুণ্ণ থাকিব । উদগ্ৰীৱ হৈ ৰৈ থকা কামত উন্নতি । শুভ ৰং মেৰুণ ।
বৃষঃ পৰিৱেশত অস্থিৰতা থাকিব পাৰে । মনৰ দৃঢ়তা ৰাখক সকলো নিয়ন্ত্ৰণ ক্ষম হ’ব । শৰীৰ সম্পৰ্কেও দুশ্চিন্তা নাই । বিদ্যাত উন্নতিৰ আশা দেখিলেও বাধা পাব । প্ৰেমত শুভ । শুভ ৰং ৰঙা ।
মিথুনঃ কোনো সম্পদৰ প্ৰতি নজৰ ৰাখক । হাতৰ পৰা সুযোগ সৰকি নাযায় সাৱধান হওক । কোনোৱে ভৱিষ্যতৰ বাবে আশা দেখিব । সন্তানৰ বাবে কিছু চিন্তা । দাম্পত্যতো তদ্ৰূপ । শুভ ৰং সেউজীয়া ।
কৰ্কটঃ বল প্ৰয়োগ কৰাৰ মানসিকতা জাগ্ৰত হ’ব পাৰে । কিন্তু তাতো বৰ সফল নহ’ব । গতানুগতিক কামত বেছি বাধা নাই । দাম্পত্যত ভালেই । সন্তান চিন্তা থাকিব । নতুন সংযোগত বিৰাগ । শুভ ৰং মেৰুণ ।
সিংহঃ দৃঢ়তা পোষণ কৰিব সুখী হ’ব । কিন্তু আপোনাৰ এই মতক সকলোৱে মানি নল’ব । বিৰক্তি আৰু কিছুমান বাঞ্জিত কৰ্ম কৰিবলগীয়া সংযোগ পিছুৱাই পৰাত উদ্বিগ্নতা থাকিব । শুভ ৰং পাতল হালধীয়া ।
কন্যাঃ এটাৰ পাছত এটা আহুকাল এৰাব পৰা টান । তাৰ ভিতৰত আগৰ আহুকালেও দায়ী হ’ব । আপোনাৰ স্বকৰ্মৰ প্ৰতি কিছুমান অহমিকাই ভৱিষ্যতৰ উন্নতিৰ হেজাৰ দিব । শুভ ৰং মটিয়া ।
তুলাঃ মধ্যম ফল । কোনো বন্ধুৰ পৰা কিছু সহায় লাভ কৰিব লগতে আপোনাৰ দক্ষতাৰ প্ৰতি কোনো আনুষ্ঠানিক আহ্বান আহিব । বিদ্যাৎ জটিল চিন্তা এৰাব পাৰিব । শুভ ৰং বগা ।
বৃশ্চিকঃ কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব । বন্ধু-বান্ধৱৰ পৰা উৎসাহ । দিনৰ ১১.৩০ বজাৰ পৰা সংযোগ দেখা যায় । দাম্পত্যত আনন্দ । কিন্তু কোনো কথাৰ বাবে উৎকণ্ঠিত হোৱাৰ আশংকা । শুভ ৰং সেউজীয়া ।
ধনুঃ শাৰীৰিক অথন্তৰ অনুভৱ কৰিবও পাৰে । বিশেষকৈ দুৰ্বল আৰু বয়সস্থসকল । বিদ্যাত যত্নৰ ত্ৰুটি নকৰিব । একেদৰে লাগি থকা কৰ্মতো পিছুৱাই নাযাব । আৰ্থিক উন্নতিত বাধা । শুভ ৰং ৰঙা ।
মকৰঃ আৰ্থিক পোৱা কষ্টৰ কিছু হ’লেও লাঘব হ’ব । কোনো প্ৰশংসনীয় বিষয় বা তেনে লোকৰ লগত সু-সম্বন্ধ গঢ়িব পাৰে । বিদ্যাত মধ্যম । শৰীৰৰ সম্পৰ্কীয় দুশ্চিন্তাৰ প্ৰয়োজন নাথাকিব । শুভ ৰং কমলা ।
কুম্ভঃ মনত অত্যন্ত কুটাল প্ৰশ্নই তোলপাৰ লগাব পাৰে । অৱশ্যে তাৰ বেছি ভাগেই অমূলক বুলি প্ৰমাণিত হ’ব । দাম্পত্যত চিন্তা । মনোজ্ঞ কথাত আনৰ সহায় পোৱাত কষ্ট পাব । শুভ ৰং বগা ।
মীনঃ মজলীয়া হ’লেও শুভ প্ৰভাৱৰ সংখ্যা বৃদ্ধি । বিদ্যাৰ্থীৰ বাবে তেনে বাধা দেখা নাযায় । কিন্তু নিজৰ ভৱিষ্যত সম্পৰ্কে চিন্তিত হোৱাৰ যোগ থাকিব । দুপৰীয়াৰ পৰা সাৱধান হওক । শুভ ৰং গুলপীয়া ।