কাৰ্বি আংলঙত পুনৰ জব্দ হৈছে প্ৰায় ১৩ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ | আজি নিশা কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষী থানাৰ সন্মুখত এখন যাত্ৰীবাহী বাছত তালাচী চলাই উদ্ধাৰ কৰা হয় বৃহত পৰিমাণৰ নিষিদ্ধ ড্ৰাগছখিনি | প্ৰাপ্ত তথ্য মতে, ডিলাই আৰক্ষী থানাৰ হোম গাৰ্ড বৰছিং বে’ MN-06, B, 0511 নম্বৰযুক্ত যাত্ৰীবাহী বাছখনত তালাচী চলাওতে প্ৰত্যক্ষ কৰে সন্দহযুক্ত সামগ্ৰীখিনি | পাছত, নিষিদ্ধ ড্ৰাগছৰ উমান পায় হোম গাৰ্ড বৰছিঙে | বৰছিঙক ড্ৰাগছ সৰবৰাহকাৰীয়ে উতকোচ দিয়ে যদিও সেয়া গ্ৰহণ নকৰি পুনে পুনে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চেতিয়াক অৱগত কৰে | তাৰ পাছত যাত্ৰীবাহী বাছখনত উদ্ধাৰ হয় প্ৰায় ৩ কেজি নিষিদ্ধ ড্ৰাগছ | ইয়াৰ বজাৰ মূল্য প্ৰায় ১৩ কোটি টকা হ’ব বুলি কোৱা হৈছে যদিও ইয়াৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫০ কোটিৰো অধিক হ’ব বুলি সন্দেহ কৰিব পৰা যায় | ঘটনাৰ স’তে জড়িত ড্ৰাগছ সৰবৰাহকাৰী চেন্নাইৰ দুই মহিলা শ্ৰীমতী পাঞ্জাভাৰাম আৰু লক্ষ্মী ডি ক গ্ৰেপ্তাৰ কৰাৰ লগতে মনিপুৰৰ থউবল জিলাৰ খইৰম বসন্ত সিং নামৰ লোকজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে | ইতিমধ্যে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ডিলাই আৰক্ষী থানাৰ হোম গাৰ্ড বৰছিং বে’ক এক লাখ টকা পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰিছে | ঘটনাৰ পাছতে ডিলাই আৰক্ষী থানাত কাৰ্বি আংলং জিলাৰ শীৰ্ষ বিষয়া উপস্থিত হৈ এক উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে |
কাৰ্বি আংলঙত হোম গাৰ্ডৰ ততপৰতাত ধৰা পৰিল ১৩ কোটিৰ নিষিদ্ধ ড্ৰাগছ
ডি জি পিৰ এক লাখ টকা পুৰস্কাৰ ঘোষণা:চেন্নাইৰ দুই মহিলা, মনিপুৰৰ এজনক গ্ৰেপ্তাৰ
-
By publisher

- Categories: Assam, News
- Tags: AssamDrugsKARBI ANGLONG
Related Content
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
By
publisher
April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
By
publisher
April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
By
publisher
April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
By
publisher
April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
By
publisher
April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
By
publisher
April 27, 2026