ভূত বাংলোত পৰিণত বৃটিছ আমোলতে নিৰ্মিত নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ চৰকাৰী আবাস গৃহ

ছাণি ধৰিছে অটব্য হাবি জংঘলে

a2

                          চৌহদতে ৰ’দে-বৰষুণে পচিছে কেইবাখনো বাহন

ইতিহাস প্ৰসিদ্ধ পৌৰাণিক সম্বল,কৃৰ্তিচিহ্ন,সম্পদ সমূহক সংৰক্ষণ কৰাৰ দায়িত্ব চৰকাৰৰ। কিন্তু নগাঁৱৰ বহু ইতিহাস প্ৰসিদ্ধ সম্বল, প্ৰাচীন কৃৰ্তিচিহ্ন,সম্পদ চৰকাৰৰ অৱহেলাত জহি খহি যাবলৈ ধৰা পৰিলক্ষিত হৈছে। চৰকাৰী অৱহেলাত হাবি জংঘলৰ মাজত জহি খহি যাবলৈ ধৰা তেনে এটি প্ৰচীন সম্পদ হৈছে ১৬৭বছৰ পুৰণা নগাঁও চিভিল ছাৰ্জন (বৰ্তমানৰ নগাঁৱৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক)ৰ চৰকাৰী আৱাসগৃহটো। নগাঁও চহৰৰ কলঙৰ পাৰত বৃটিছ চৰকাৰৰ আমোলতে বিগত ১৮৫৪চনতে অতি আটকধুনীয়া নিৰ্মাণ কৰা হৈছিল তেতিয়াৰ নগাঁৱৰ চিভিল ছাৰ্জনৰ চৰকাৰী আৱাসগৃহটো।চহৰ খনৰ মাজমজিয়াতে এক বৃহৎ এলেকাত চাংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা চিভিল ছাৰ্জনৰ চৰকাৰী আৱাসগৃহটোত কেইবাটাও আহল বহল কোঠা, সংযুক্ত ৰান্ধনী গৃহ,শৌচাগাৰ আদিৰ লগতে ঘৰৰ চৌদিশে বেলকনিৰ ব্যৱস্থা আছিল। তাৰোপৰি সেই চৰকাৰী আৱাসগৃহটোৰ সন্মুখত এখন বিশাল বাগিচাও আছিল। স্মৰ্তব্য যে, বৃটিছ চৰকাৰৰ আমোলত চিভিল ছাৰ্জনৰ পদটোৰ মৰ্যদা উপায়ুক্তৰ পাছতেই আছিল। জানিব পৰা মতে,সেই সময়ত কিবা কাৰণত জিলা উপায়ুক্ত ছুটীত যাব লগীয়া হ’লে তেঁও জিলা খনৰ প্ৰশাসনিক দায়িত্বভাৰ চিভিল ছাৰ্জনৰ হাতত অৰ্পন কৰি থৈ গৈছিল। পৰৱৰ্তী সময়ত চিভিল ছাৰ্জনৰ পদটো জিলা স্বাস্থ্য বিষয়া আৰু পাছলৈ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কৰা হয়। স্বাধীনতাৰ পাছতো জিলা স্বাস্থ্য বিষয়া সকল কিম্বা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক সকলে এই চৰকাৰী বাংলোটোতে আছিল।আনকি ২০০০বৰ্ষৰ আগলৈকে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক জনে এই বাংলোটোকেই নিজা চৰকাৰী আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰিছিল।এই বাংলোটোক চৰকাৰী আৱাসগৃহ ৰূপে ব্যৱহাৰ কৰা অন্তিমজন নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আছিল ডাঃ আনন্দৰাম বৰুৱা।২০০০চনৰ পাছৰ পৰা নগাঁও জিলাৰ কোনো এজন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকেই এই ইতিহাস প্ৰসিদ্ধ বাংলোটোক চৰকাৰী আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰা নাই।সকলোৱে নিজা গৃহ অথবা চহৰৰ ভাড়া ঘততহে থকা পৰিলক্ষিত হৈছে।
ইপিনে,২০০১-২০০২চনতে এই পৰিত্যক্ত বাংলোটোত নগাঁও জিলাৰ বাবে এক বিশেষ আঁচনিৰ অধীনত আবন্টিত লাখ লাখ আঠুৱা মজুত কৰি ৰখা হয়। ইউৰোপিয়ান কমিছনৰ অধীণত জিলা খনৰ দৰিদ্ৰ হিতাধিকাৰীৰ মাজত স্বাস্থ্য বিভাগৰ জৰিয়তে বিতৰণৰ বাবে অহা এই আঁঠুৱা সমূহ এক গোচৰৰ পৰিপ্ৰেক্ষিতত বিতৰণ কৰিব নোৱাৰি বছৰ বছৰ ধৰি বাংলোটোতে দ’ম কৰি থোৱাত পৰৱৰ্তী সময়ত এন্দুৰ-নিগনীয়ে কুটি শেষ কৰে।১৬৭বছৰ গৰকা প্ৰাচীন বাংলোটো বিগত ২০০১ চনৰ পৰা আজি পৰ্যন্ত সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত গৰাকী বিহীন সম্পত্তিৰ দৰে থকাত জহি খহি উৱলি গৈছে। তাৰোপৰি বাংলোটোক ছাণি ধৰিছে অটব্য হাবি জংঘলে। সমগ্ৰ চৌহদটো এতিয়া বিভিন্ন সৰীসৃপৰ আৱাসস্থলীলৈ পৰ্যৱসিত হৈছে।
ইপিনে, এই বাংলোটোৰ চৌহদত নগাঁও জিলা স্বাস্থ্য বিভাগৰ বহু কেইখন গাড়ী, এম্বুলেন্স অচল অৱস্থাত পৰি আছে । বছৰ বছৰ ধৰি এই যানবাহন সমূহ মুকলি আকাশৰ তলতেই ৰ’দে বৰষুণে পৰি থকাৰ ফলত এই গাড়ী সমূহৰ একাংশ জহি খহি উৱলি যোৱা পৰিলক্ষিত হৈছে। একাংশ যানবাহনক বনৰীয়া গছ লতাই ছাণি ধৰিছে।
সুদীৰ্ঘ বছৰ ধৰি অচল হৈ পৰি থকা এই গাড়ী সমূহ আজিলৈকে মেৰামতি অথবা অক্সনৰো ব্যবস্থা কৰা হোৱা নাই । এতিয়া ভূতবাংলোত পৰিণত হোৱা এই পৰিত্যক্ত বাংলোটোৰ সংলগ্ন এটা সৰু ঘৰত এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে । যি এই ভূত বাংলো (?)টোৰ ৰখীয়া হৈ আছে।বিগত কেইটামান বছৰৰ পৰা এই পৰিত্যক্ত আবাস গৃহটোত স্বাস্থ্য বিভাগে কেতবোৰ সামগ্ৰী জমা কৰি ৰাখিছে । এক সুন্দৰ প্ৰাকৃতিক পৰিবেশত থকা ইতিহাস প্ৰসিদ্ধ বাংলোটো মেৰামতি কৰি ইয়াৰ সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নগাঁৱৰ ৰাইজে চৰকাৰক আহ্বান জনাইছে।

Exit mobile version