শালবাৰীৰ ৰাজাবিলত পহুমাৰা নৈৰ ভগ্ন বাঁহৰ দলংৰ বাবে ৰাইজৰ নৰকযন্ত্ৰণা

গাঁঠিৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিলে দলং

বাগসাৰ শালবাৰীৰ ৰাজাবিলত পহুমাৰা নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙে বছৰ বছৰ ধৰি নৰকযন্ত্ৰণা দি আহিছে সমীপৱৰ্তী গাঁৱৰ ৰাইজক৷অঞ্চলটোৰ পাঁচ/ছয়খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ সম্বল যিখন বাঁহৰ দলং ৰাজাবিলত আছে সেইখনো পহুমাৰা নৈৰ বানৰ প্ৰকোপত আধাতে ভাঙি যোৱাত ছাত্ৰছাত্ৰীকে ধৰি স্থানীয় ৰাইজৰ বিলাই বিপত্তি নোহোৱা হৈ পৰিছে৷

অৱশেষত ৰাজাবিল গাঁৱৰ ৰাইজে এই কৰ’না মহামাৰীৰ সংকটৰ কালতো নিজৰ গাঁঠিৰ ধনেৰে আধা ভাঙি যোৱা বাঁহৰ দলংখন যোৱা ২০ জুনত পুনৰ মেৰামতি কৰি যাতায়াতৰ বাবে কিছু সূচল কৰি তোলে ৷

২০১৫ চনতে সেইসময়ৰ বিটিচি প্ৰধান তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৰাজাবিল গাঁৱত উপস্থিত হৈ পহুমাৰাৰ ওপৰত থকা বাঁহৰ দলঙখনৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ বাবে ৰাইজক আশ্বাস প্ৰদান কৰিছিল যদিও সেই আশ্বাস আজিলৈ ৰাইজৰ বাবে পূৰণ নকৰিলে ৷

অঞ্চলটোত কোনো লোকৰ বেমাৰ আজাৰ হ’লে এম্বুলেন্স ,চিকিৎসক কোনো প্ৰৱেশ কৰিব নোৱাৰে একমাত্ৰ যাতায়াতৰ অভাৱৰ বাবেই ৷ বছৰত দুই/তিনিবাৰ পৰ্যন্ত ৰাইজেই বাঁহৰ দলংখন মেৰামতি কৰি চলি আহিছে যদিও এই দুখ দুৰ্দশাৰ সমভাগী হ’বলৈ অঞ্চলবাসীৰ লগত কোনো নাই বুলি ক্ষোভ প্ৰকাশ কৰে৷

বিপিএফ চৰকাৰৰ দিনত বিপিএফ দলে আৰু বৰ্তমান ইউপিপিএল চৰকাৰৰ দিনত ইউপিপিএল দলেও বাঁহৰ দলংখন চাই আশ্বাস প্ৰদানহে কৰিছে যদিও সেই সুফল যে ৰাইজে পাব তাত অঞ্চলবাসী সন্তুষ্ট নহয় ৷

আশ্বাস নহয় কাম কৰি দিব পৰা জনপ্ৰতিনিধি বা দলহে অঞ্চলবাসীক লাগে বুলি ৰাইজে মত ব্যক্ত কৰে৷ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জলসম্পদ মন্ত্ৰী পিয়ুয হাজৰিকা আৰু বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োক ৰাজাবিল গাঁৱত পহুমাৰা নৈৰ ওপৰত থকা বাঁহৰ দলংখনৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনায়৷

Exit mobile version