কৰ’না ভাইৰাছৰ নতুন এক প্রজাতিক কেন্দ্ৰ কৰিও সম্প্রতি চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)। এই নতুন প্রজাতিৰ উপস্থিতিৰ সন্দৰ্ভত সম্প্রতি হু’ৰ তৰফৰ পৰা উদ্বেগ প্রকাশ কৰিছে।
এই নতুন প্রজাতিৰ নামকৰণ কৰা হৈছে ‘লেম্বডা’। ২০২০ আগষ্টত পেত। প্ৰথমবাৰলৈ এই প্রজাতিটোৰ সন্ধান পােৱা গৈছিল। ক্ৰমাৎ সংক্রমণ বৃদ্ধি কৰি লেম্বডা প্রজাতি সম্প্রতি কমেও ২৯খন দেশত বিয়পি পৰিছে।
‘হু’ৱে পেৰুৰ প্ৰজাতিটোক ‘ভেৰিয়েন্ট অৱ ইনটেৰেষ্ট’ তালিকাত অন্তর্ভুক্ত কৰিছে। হু’ৰ মতে, লেম্বডা প্রজাতিক এই মুহূর্ত পর্যবেক্ষণত ৰখাটো জৰুৰী। অতি শীঘ্ৰেই হয়তাে কৰ’নাৰ আলফা, বিটা, ডেল্টা, গামা প্রজাতিৰ দৰে লেম্বডাকো স্থান দিবলগীয়া হ’ব ‘ভেৰিয়েন্ট অৱ কনচাৰ্ণ’ তালিকাত।
‘হু’ৰ সাপ্তাহিক বুলেটিনত কোৱা হৈছে, ‘সমগ্র দক্ষিণ আমেৰিকা জুৰি লেম্বডা প্রজাতি ব্যাপক হাৰত বিয়পি পৰা দেখিয়েই ইয়াক ‘ভেৰিয়েন্ট অৱ ইনটেৰেষ্ট’ ঘােষণা কৰাৰ সিদ্ধান্ত লােৱা হৈছে। উল্লেখ্য যে কৰ’না ভাইৰাছৰ প্ৰজাতিসমূহক দুটা ভাগত বিভক্ত কৰিছে। বিজ্ঞানীয়ে।
এটাত ৰখা হৈছে সেইবােৰ প্ৰজাতিক, যিবােৰে মহামাৰীৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে। আনটো ভাগত থকা প্রজাতিসমূহ নিৰীহ, অর্থাৎ ভয়ৰ কাৰণ নাই। হু’ৱে জনাইছে যে লেম্বডা প্রজাতিক তেওঁলােকে দীর্ঘ সময় পর্যবেক্ষণ কৰি দেখিছে, ইয়াৰ সংক্ৰমণ ক্ষমতা ক্ৰমাৎ বৃদ্ধি পাইছে।
এন্টিবডীৰ ক্ষমতাও নষ্ট কৰি পেলাইছে লেম্বডাই। এই পৰ্যন্ত ‘ভেৰিয়েন্ট অৱ কনচাৰ্ণ’ তালিকাত থকা প্রজাতিসমূহেই বাতৰিৰ শিৰােনাম দখল কৰি আহিছে। যেনে ব্রিটেইনত চিহ্নিত আলফা প্রজাতি, ব্রাজিলৰ গামা প্রজাতি বা ভাৰতত চিহ্নিত ডেল্টা প্রজাতি।
ইয়াৰ ভিতৰত ডেল্টা প্রজাতিক যােৱা ১১ মে’ত হু’ৱে ‘ভেৰিয়েন্ট অৱ ইনটেৰেষ্ট’ তালিকাভুক্ত কৰিছিল। কিন্তু তাৰ পাছতে ডেল্টা প্ৰজাতিৰ দ্রুতগতিৰে সংক্রমণ ঘটোৱা আৰু প্রাণ হৰণৰ ক্ষমতা দেখি ইয়াক ‘ভেৰিয়েন্ট অৱ কনচাৰ্ণ’ তালিকাত স্থান দিয়া হয়। লেম্বডা প্রজাতিয়েই তেনে কাণ্ড ঘটাব নেকি বুলিয়ে উদিগ্ন হৈ আছে ‘হু’।
কৰ’না ভাইৰাছক অনর্গল ৰূপ পৰিৱৰ্তনক কেন্দ্ৰ কৰি আগৰে পৰাই চিন্তিত হৈ আছে বিশেষজ্ঞসকল। এই মুহূর্তত কৰ’নাক ৰােধৰ বাবে হাতত একমাত্র প্রতিষেধক নামৰ অস্ত্রবিধহে আছে। কিন্তু ভাইৰাছৰ ক্রমাগত ৰূপ পৰিৱর্তনৰ ফলত প্রতিষেধক কার্যকাৰিতাক কেন্দ্ৰ কৰিও বিশেষজ্ঞসকল চিন্তিত হৈ পৰিছে।
কিয়নাে কিছু ক্ষেত্ৰত ভাইৰাছে ইমানেই বেছি ৰূপ সলাইছে যে নতুন প্রজাতিয়ে এক নতুন ভাইৰাছৰ দৰেই আচৰণ কৰিছে।এই মুহূর্তত লক্ষ্য হৈছে তৃতীয় লহৰ আহি পৰাৰ পূৰ্বেই যথাসম্ভৱ টিকাকৰণ সম্পূর্ণ কৰা।