এইবাৰ ৰাজস্থানত আক্ৰান্ত কৰ’নাৰ ডেল্টা প্লাছত । কৰ’নাৰ এই নতুন ষ্ট্ৰেইনত আক্ৰান্ত হ’ল এগৰাকী বৃদ্ধা যি গৰাকীয়ে ক’ভিডৰ দুটা পালি ভেকছিন গ্ৰহণ কৰিছে ।
তথাপিও তেওঁৰ শৰীৰত পোৱা গ’ল সংক্ৰমণ । ৬৫ বছৰীয়া বৃদ্ধাগৰাকী বিকানিৰৰ বাসিন্দা। প্ৰতিষেধৰ দুটা ডজ লোৱাৰ পাছতো আক্ৰান্ত হোৱাৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰিলেও স্বস্তিৰ বিষয় এইটো যে,তেওঁ ঘৰতে চিকিৎসা কৰি সুস্থ হৈ উঠিছে ।
তথ্য অনুসৰি ইয়াৰ পূৰ্বে ২৮ দিনৰ ব্যৱধানত ক’ভেক্সিনৰ দুটা পালিয়ে লৈছিল বৃদ্ধাগৰাকীয়ে। যোৱা ৩০ মে’ত তেওঁৰ নমুনা পুনৰ’ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজী’লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় । কিন্তু সেই প্ৰতিবেদনখনে তেওঁৰ শৰীৰত ক’ভিড-১৯ ৰ উপস্থিতি পোৱা যায় ।শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলৰো নমুনাবোৰো পৰীক্ষা কৰা হৈছে।
সংবাদ মাধ্যমৰ স’তে বাৰ্তালাপ কৰি, বিকানিৰৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ অ’পি চাহাবে কয় যে, বৃদ্ধাগৰাকীৰ সংক্ৰমণ উপসৰ্গহীন আৰু ঘৰত থাকিয়ে তেওঁ সুস্থ হৈ উঠিছে।
তেওঁ কয় যে এইটো ৰাজস্থানৰ প্ৰথম কৰ’না ডেল্টা প্লাছ স্ট্ৰেইনত আক্ৰান্ত হোৱাৰ ঘটনা ।তথ্য অনুসৰি মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল আগতে কৰ’নাত আক্ৰান্ত হৈছিল।






























