ভূটান সীমান্তত প্ৰকৃতি প্ৰেমীৰ সমাহাৰ ৷ প্ৰকৃতিক চিৰপ্ৰবাহমান কৰি ৰখাত ব্যস্ত বাগ্সাৰ এদল যুৱক ৷ নামনি অসমৰ বাগ্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত এটা বিশেষ অঞ্চল ৷ বিশেষকৈ ভূটান পাহাৰৰ পৰা দিৰিং নৈৰ শিলাময় পথেৰে নামি অহা ফটফটীয়া পৰিস্কাৰ পানী আৰু চৌদিশ আবৃত সেউজীয়া পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ বাবেই এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বিশেষ অঞ্চলটো ৷
এই বিশেষ অঞ্চলটোৱেই হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ব্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত দিহিৰা সংৰক্ষিত বনাঞ্চলৰ প্ৰাকৃতিক নান্দনিকতাৰে ভৰপূৰ দাৰাগাঁও । যেন এক সৰগৰ অময়াপুৰী । যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত অবাধ গতিত বন ধ্বংস কাৰ্য অব্যাহত আছে, তেনে সময়তে এই বনাঞ্চলখনৰ প্ৰাকৃতিক ৰূপ-সুষমাত বিভোৰ হৈ প্ৰকৃতি সংৰক্ষণ আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে এদল যুৱক ৷
বিগত বৰ্ষৰ দুই অক্টোবৰত জিলাখনৰ বৰমা, মুছলপুৰ, নিকাছী আদি বিভিন্ন ঠাইৰ কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকৰ সন্মিলিত প্ৰচেষ্টাত মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটি নামেৰে এটি বেচৰকাৰী সংস্থা গঠন কৰি অঞ্চলটোৰ বনাঞ্চল সংৰক্ষণৰ কামত নিজকে নিয়োজিত কৰে । যাৰ তত্বাৱধানত এতিয়া গঢ় লৈ উঠিবলৈ সক্ষম হৈছে এখন বৃহৎ সেউজ অৰণ্যৰ লগতে বাগ্সাৰ অন্যতম পৰ্যটনস্থলী দাৰাগাঁও ৷ প্ৰখৰ ৰ’দ অথবা ধাৰাষাৰ বৰষুণকো নেওচা দি তেওঁলোক এতিয়া প্ৰকৃতিৰ একো একোজন অতন্দ্ৰ প্ৰহৰী ৷ বনজ সম্পদ সংৰক্ষণেই যাৰ মূল উদ্দেশ্য ।
উল্লেখ্য যে প্ৰায় ডেৰ দশকৰ পূৰ্বে বাগ্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত দিহিৰা সংৰক্ষিত বনাঞ্চলখন একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে তহিলং কৰি পেলাইছিল ৷ তাৰোপৰি উক্ত বনাঞ্চল খনৰ বিভিন্ন স্থানত চলিছিল অবাধ বেদখল ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে সংকুচিত হ’বলৈ আৰম্ভ কৰিছিল জৈৱ-বৈচিত্ৰ্যৰ অনুপম ভাণ্ডাৰ দিহিৰা সংৰক্ষিত বনাঞ্চলৰ ভূখণ্ড ৷
নিষ্ঠুৰ মানৱৰ আগ্ৰাসনৰ প্ৰভাৱত বনাঞ্চল খনৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি আহি পৰিছিল ৷ কিন্তু ভাগ্যক্ৰমে ২০২০ৰ গান্ধী জয়ন্তীৰ দিনা জিলাখনৰ প্ৰকৃতিপ্ৰেমী যুৱক অমৰজ্যোতি হাজৰিকা আৰু ৰঞ্জিত গয়াৰীৰ নেতৃত্বত গঠন হোৱা মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটিৰ সহযোগত ধ্বংসৰ গৰাহৰ পৰা পুনৰ ঠন ধৰি উঠিবলৈ সক্ষম হৈছে বনাঞ্চলখন ৷
ইতিমধ্যে সংস্থাটোৱে বিগত সময়ত দুষ্প্ৰাপ্য টুপি বান্দৰ, বিলুপ্তপ্ৰায় হাড়গিলা, ভিন্ন প্ৰজাতিৰ সৰীসৃপ আদি উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোক সেউজীয়া কৰি ৰখাৰ বাবে গছপুলি ৰোপণ কৰি আহিছে ৷ ভাৰত-ভূটান সীমান্ত অঞ্চলটোত যাতে কোনোৱে গছ-গছনি কটা বা জীৱ-জন্তু হত্যা কৰিব নোৱাৰে, তাৰ বাবে অহৰ্নিশে পহৰাৰো ব্যৱস্থা কৰি আহিছে সংস্থাটোৰ সদস্যসকলে ৷
মন কৰিবলগীয়া কথা এই যে স্বেচ্ছাসেৱী সংস্থাটোৱে এসময়ত বনজ সম্পদ ধ্বংসত লিপ্ত থকা সকলকো এতিয়া উক্ত চ’ছাইটিৰ সাধাৰণ সদস্য হিচাপে নিয়োগ কৰি মনোনিৱেশ কৰাইছে প্ৰকৃতি সংৰক্ষণৰ কামত। এইসকল প্ৰকৃতিপ্ৰেমী এতিয়া হৈ পৰিছে একো একোজন সদাজাগ্ৰত বন সুৰক্ষাকৰ্মী ৷ নিজৰ জীৱনকো তুচ্চজ্ঞান কৰি বিভিন্ন ঘাত-প্ৰতিঘাটৰ মাজেৰে এইসকল লোকেই এতিয়া অহৰহ সুৰক্ষা দি আহিছে দিহিৰা বনাঞ্চলৰ গছ-গছনিৰ লগতে তাত থকা বন্যপ্ৰাণীসমূহকো ।
সম্প্ৰতি চৰকাৰীভাৱে সংস্থাটোৱে কোনো সাহায্য লাভ কৰিবলৈ সক্ষম নহ’লেও প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ লগতে ভাৰত-ভূটান সীমান্তৰ পৰ্যটন সম্ভৱা দাৰাগাঁৱক ৰাজ্যৰ এক বিশেষ পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবেও যুৱককেইজনে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
যি সময়ত নৱপ্ৰজন্মৰ একাংশই নিষিদ্ধ ড্ৰাগছ, মদ-জুৱা আদিৰ কবলত পৰি নিজৰ লগতে সমাজখনকো কলুষিত কৰি আহিছে তেনে সময়তে এখন বনাঞ্চল ৰক্ষাৰ বাবে স্বেচ্ছাই ওলাই অহা মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটিৰ এইসকল যুৱকৰ ঐকান্তিক প্ৰচেষ্টাই নিসন্দেহে সমাজখনৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ ৰাজ্য চৰকাৰ বা বিটিচি কৰ্তপক্ষই এই স্বেচ্ছাসেবী সংগঠনটো লৈ কিঞ্চিৎ সহায় আগবঢ়ালে তেওঁলোকৰ লক্ষ্যত উপনীত হ’ব পাৰিব ৷ সহায় হ’ব প্ৰকৃৃৃতি সংৰক্ষনতো ।