ইটালীৰ ২০ ৰাজ্যত পৰিধান কৰিব নালাগে মাস্ক

Italy covid

কৰ’না ভাইৰাছৰ সংক্ৰমণে বিশ্বত ত্ৰাস অব্যাহত ৰখাৰ সময়তে একাংশ দেশত চৰকাৰে কৰ’না বিধি শিথিল কৰিছে । সংক্ৰমণ হ্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি ইটালীৰ চৰকাৰেও কৰ’না বিধি পূৰ্বতকৈ শিথিল কৰিলে ।

কালিৰে পৰা দেশখনৰ বহু অঞ্চলত ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ বাধ্যবাধকতা প্ৰত্যাহাৰ কৰা হৈছে । চৰকাৰৰ এই সিদ্ধান্তৰ পাছত কৰ’না কালত মাস্ক পৰিধান প্ৰত্যাহাৰ কৰা ইউৰোপৰ প্ৰথমখন দেশ হিচাপে পৰিচিত হ’ল ইটালী ।

ইটালীৰ স্বাস্থ্য মন্ত্ৰণালয়ে ঘোষণা কৰা অনুসৰি দেশখনৰ ২০খন ৰাজ্যৰ বাসিন্দাই ২৮ জুনৰ পৰা কৰ’না প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান কৰিব নালাগে । প্ৰায় এবছৰৰো অধিক সময়ৰ পাছত ইটালী মাস্কমুক্ত হ’ল ।

Exit mobile version