জম্মুত ভাৰতীয় বায়ুসেনাৰ ঘাটিত দুখনকৈ ড্র’নে চলােৱা আক্রমণৰ ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত সৰৱ হ’ল ভাৰত । ৰাষ্ট্ৰসংঘত এই প্রসংগ উত্থাপন কৰি ভাৰতে কয় যে সামৰিক আৰু বাণিজ্যিক সম্পদৰ বিৰুদ্ধে সন্ত্রাসবাদীৰ কার্যকলাপত অস্ত্রসমৃদ্ধ ড্র’ন ব্যৱহাৰ কৰাটো গুৰুত্বসহকাৰে লােৱাৰ প্ৰয়ােজন আছে ।
এনে ঘটনাই ভৱিষ্যতে ডাঙৰ বিপদ মাতি আনিব পাৰে বুলি সাধাৰণ পৰিষদত ভাৰতৰ প্রতিনিধিয়ে যুক্তি প্রদর্শন কৰে। উল্লেখ্য যে দুদিন পূর্বে জম্মু বিমানকোঠৰ ভিতৰত থকা ভাৰতীয় বায়ুসেনাৰ ঘাটিত দুখনকৈ ড্র’নে বােমাৰে আক্রমণ সংঘটিত কৰিছিল।
এই ঘটনাত কোনাে লােক হতাহত হােৱা নাছিল যদিও বায়ুসেনাৰ প্ৰযুক্তি বিভাগৰ এটি কোঠা ক্ষতিগ্রস্ত হৈছিল। এই ঘটনাৰ পাছতাে পুনৰ আন দুখন ড্র’নে সামৰিক ঘাটিৰ আশে-পাশে বিচৰণ কৰাৰ অভিযােগ উত্থাপিত হৈছিল।
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীয়ে এইদৰে সন্ত্রাস বিয়পাবলৈ ড্র’ৰ ব্যৱহাৰ কৰা প্ৰসংগ ভাৰতে উত্থাপন কৰি সন্ত্রাসবাদীৰ এনে কার্যকলাপক ৰাষ্ট্ৰসংঘই গুৰুত্ব সহকাৰে লােৱাটো জৰুৰী বুলি মন্তব্য কৰি কয় যে অন্যথা ভৱিষ্যতে সন্ত্রাসবাদীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।ভাৰতৰ হৈ ৰাষ্ট্ৰসংঘত গৃহ মন্ত্রণালয়ৰ বিশেষ সচিব বি এছ কে কৌমুদীয়ে এইদৰে যুক্তি দর্শায়।






























