ইছলামাবাদত ভাৰতীয় দূতাবাসৰ ওপৰত ড্ৰ’ন্, তীব্ৰ প্ৰতিবাদ ভাৰতৰ

জম্মুত বায়ুসেনাৰ ঘাটিত ড্ৰ’ন্ আক্ৰমণৰ কিছুদিনৰ পাছতে পুনৰ ড্ৰ’ন্ আতংক । এইবাৰ পাকিস্তানৰ ইছলামাবাদত ভাৰতীয় দূতাবাসৰ ওপৰত ড্ৰ’ন্ দেখা গ’ল । সূত্ৰ অনুসৰি, নিৰ্দিষ্ট অঞ্চল অতিক্ৰম কৰি শুকুৰবাৰে এখন ড্ৰ’ন্ ইছলামাবাদত অৱস্থিত ভাৰতীয় দূতাবাসৰ অঞ্চলত সোমাই পৰে । স্বাভাৱিকভাৱে দূতাবাসৰ দৰে স্পৰ্শকাতৰ অঞ্চলত পুনৰ ড্ৰ’ন্ সোমাই পৰাত বিতৰ্কৰ সৃষ্টি হৈছে ।

ভাৰতে এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰিছে । কিছুদিন পূৰ্বে জম্মুত ড্ৰ’ন্ আক্ৰমণ হৈছিল । বায়ুসেনা ঘাটিত হোৱা এই ড্ৰ’ন্ আক্ৰমণত লস্কৰ সন্ত্ৰাসবাদীসকল জড়িত হৈ থকা বুলি জনায় সেনায় । কেৱল বায়ুসেনা ঘাটিত আক্ৰমণে নহয়, বিগত কিছু বছৰ ধৰি একাধিকবাৰ সীমান্ত পাৰ হৈ ড্ৰ’ন্ আক্ৰমণ কৰাৰ চেষ্টা চলাই আহিছে সন্ত্ৰাসবাদীসকলে ।

ইয়াৰ পূৰ্বে ২০১৯ত পঞ্জাৱত এখন ড্ৰ’ন্ পোৱা গৈছিল । অমৃতসৰৰ গাঁৱত পোৱা এই ড্ৰ’নৰ জৰিয়তে বিস্ফোৰক, অস্ত্ৰ আৰু মাদক দ্ৰব্য প্ৰেৰণ কৰা হৈছিল বুলি জনায় আৰক্ষীয়ে । বিগত কিছু মাহ ধৰি কাশ্মীৰ সীমান্তৰ লগতে, ভাৰত-পাক সীমান্ততো একাধিক ড্ৰ’ন্ দেখা গৈছে বুলি জনাইছে ভাৰতীয় সেনাই ।

Exit mobile version