অৱশেষত বিগত ৬০টা বছৰে অপূৰ্ণ হৈ ৰােৱা এক স্বপ্ন সার্থক হ’ব এগৰাকী অশীতিপৰ বৃদ্ধাৰ। পৰৱর্তী ১৮টা দিনৰ পাছতে মহাকাশলৈ উৰা মাৰিব আমেৰিকাৰ ৮২ বছৰীয়া বৃদ্ধা ৱেলী ফাংক।
ধনকুবেৰ জেফ বেজ’ছ আৰু তেওঁৰ ভ্ৰাতৃৰ স’তে এই মহাকাশ যাত্ৰাৰ সংগী হ’ব এই অশীতিপৰ বৃদ্ধা। যাৱতীয় যােগ্যতা থাকা সত্ত্বেও ৱেলীক ছটা দশকৰ পূর্বে মহাকাশচাৰীৰূপে অনুমােদন জনােৱা নাছিল নাছাই।
অৱশেষত ধনকুবেৰ বেজ’ছে তেওঁৰ এই আক্ষেপ দূৰ কৰাৰ বাবে আগবাঢ়ি আহিছে। অহা ২০ জুলাইত তেওঁলােক মহাকাশলৈ ৰাওনা হ’ব। উল্লেখ্য যে বেজ’ছৰ কোম্পানী ‘ব্লু অৰিজিন’-এ সম্প্রতি বাণিজ্যিকভাৱে মহাকাশ ভ্রমণ আৰম্ভ কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে।
সেই বাবে এই মাহৰ পৰাই ব্লু অৰিজিনে পৰীক্ষামূলকভাৱে উৎক্ষেপণ আৰম্ভ কৰিব। অহা ২০ জুলাইত তেনে এক উৎক্ষেপণৰে বে’জছ আৰু তেওঁৰ ভ্রাতৃৰ সংগী হ’ব ৱেলী।
https://www.instagram.com/tv/CQyQ_asFQEO/?utm_source=ig_embed&ig_rid=200a4e18-a846-46fe-9d9a-0d858473a5de
অশীতিপৰ বৃদ্ধাগৰাকীৰ এই স্বপ্ন আছিল ১৯৬১ৰ। অভিযান ‘মার্কাৰী-১৩’ত মহাকাশচাৰী হােৱাৰ বাবে নাছাই যিসকলৰ পৰীক্ষা লৈছিল, তেওঁলােকৰ ভিতৰত সফলতাৰে উত্তীৰ্ণ হৈছিল ১৩গৰাকী মহিলাই। তৎসত্ত্বেও ৱেলীসহ উত্তীর্ণ হােৱা ১৩গৰাকী মহিলাৰ সেই সময়ত মহাকাশলৈ যােৱা নহ’ল।
কিয়নাে সেই সময়ত নাছা আৰু আমেৰিকাৰ কংগ্ৰেছে মহিলাসকলক মহাকাশলৈ যােৱাৰ বিষয়ত অনুমােদন নজনালে। এই সন্দৰ্ভত ৱেলীয়ে কয়, ‘অৱশ্যে অনেক পলম হ’ল। তথাপি মহাকাশত ভৰশূন্য অৱস্থাত যি চাৰি মিনিট সময় থাকিম, ভালদৰে উপভােগ কৰিম।