মন কৰিলেই চন

চিকিৎসা সেৱা, সমাজ সেৱা, প্ৰকৃতি প্ৰেম, কৃষি বিপ্লৱ, শিক্ষকৰ ভূমিকাত একেলগে

নিদৰ্শন দাঙি ধৰিলে মঙলদৈৰ অনন্য প্ৰতিভাধৰ ডা: অৰবিন্দ ডেকাই

 

ADVERTISEMENT

মনত ইচ্ছা শক্তি আৰু উদ্যম থাকিলে মানুহে কৰিব নোৱাৰা কোনো কাম নাই । কাম কৰিবলৈ সময় নাই বোলা কথাষাৰ যে কেৱল অজুহাতৰ নামান্তৰ সেইটো পেচাগতভাৱে অতি ব্যস্ত একাংশ কৰ্মযোগীয়ে প্ৰমাণ কৰি দেখুৱাইছে । তেনে এগৰাকী কৰ্মপটু আৰু পেচাগতভাৱে চিকিৎসক মঙলদৈৰ ডাক্তৰ অৰবিন্দ ডেকাই তেওঁৰ প্ৰৱল ইচ্ছা শক্তি, প্ৰকৃতিৰ প্ৰতি থকা অগাধ প্ৰেম, সমাজ সেৱাৰ প্ৰতি থকা অপৰিসীম ধাউতি আৰু কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দুৰ্বাৰ বাসনাৰ বাবে এই সকলোবোৰ কাম সুপৰিকল্পনাৰে কৰি তাৰ মাজেদি জিলিকি উঠিছে আৰু আন ১০ জনৰ বাবে পথ প্ৰদৰ্শক হৈ দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে ।

এগৰাকী আদৰ্শ কৃষকৰ ৰূপত ডা: অৰবিন্দ ডেকা

এগৰাকী অতি ব্যস্ত চিকিৎসক হৈয়ো তেওঁ এগৰাকী আদৰ্শ কৃষক । ডা: অৰবিন্দ ডেকা পেচাগতভাৱে এজন চিকিৎসক । চৰকাৰী চাকৰিৰ পৰিৱৰ্তে তেওঁ মঙলদৈ চহৰৰ মাজ মজিয়াত মাতৃৰ নামেৰে ২০০০ৰ চাৰি ডিচেম্বৰত গঢ়ি তোলা “ৰাধিকা এক্সৰে এণ্ড ইমেজিং চেন্টাৰ” নামৰ ব্যক্তিগত প্ৰতিষ্ঠানখনত ৰাতপুৱা ৮.০০ বজাৰ পৰা বিয়লি ২.০০ বজালৈ সদা ব্যস্ত হৈ থাকে । ২ বজাৰ পাছত আৰু সাপ্তাহিক বন্ধ প্ৰতি দেওবাৰে মঙলদৈৰ নিকটৱৰ্তী ৰামহৰিৰ চাণ্ডোৱাল পাৰাৰ ৪০ বিঘা মাটিৰ ২০ বিঘাত কৃষি কাৰ্যত আত্মনিয়োগ কৰি বিভিন্ন ধৰণৰ শাক পাচলি আৰু ফল মূল উৎপাদন কৰে । ৰঙালাও, জিকা, কেপচিগ্ৰাম, ভোল, তিয়হ, তৰমুজ, আম আদি উৎপাদন কৰি নদন বদন কৰি তুলিছে মাটিডৰা । আকৌ ২০ বিঘা মাটিত নিজে হাল, কোৰ মাৰি এইবেলি বিভিন্ন প্ৰজাতিৰ শালি ধান খেতি কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে ভুঁই ৰোৱাত ব্যস্ত হৈ পৰিছে ৰোৱনীসকল ।ৰোৱনীকে ধৰি ২০ গৰাকী শ্ৰমিক কৰ্মচাৰী তেওঁৰ ৪০ বিঘাৰ খেতি মাটি ডৰাত আত্মসংস্থাপন লাভ কৰিছে ।

এইদৰেই আকৰ্ষণীয় আৰু অভিলেখ সংখ্যক উৎপাদনেৰে “পথাৰ আমাৰ, বজাৰ আমাৰ” উদগনিমূলক বাক্য শাৰীৰ সাৰ্থক ৰূপায়ণেৰে কৃষি বিপ্লৱ গঢ়ি তুলি শ শ নিবনুৱা যুৱক-যুৱতীৰ আত্মসংস্থাপনৰ পথ প্ৰদৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছে ডা: ডেকা ।

সমাজ সেৱকৰ ভূমিকাত ডা: অৰবিন্দ ডেকা

পেচাগতভাৱে তেওঁ চিকিৎসক যদিও দুখীয়া আৰু আৰ্তজনৰ প্ৰতি সদায় সেৱাৰ মনোভাৱেৰে কাম কৰি আহিছে ।‌ এক্স-ৰে আৰু আল্ট্ৰাচাউণ্ড কৰি ধন আদায় দিব নোৱাৰা দুখীয়াজনক বিশেষ ৰেহাইৰো ব্যৱস্থা আছে তেওঁৰ প্ৰতিষ্ঠানত । ৰোগী আৰু ৰাইজৰ মাজত দৈনিক শতাধিক বিনামূলীয়া মাস্ক বিতৰণ কৰি অহা ডা: ডেকাই যোৱাবাৰ(২০২০) তলাবন্ধৰ সময়ৰ পৰা এতিয়া(২০২১)ৰ ক’ভিড পীড়িত পৰিস্থিতিলৈকে প্ৰায় ৩০ হেজাৰ লোকৰ মাজত এই বিনামূলীয়া মাস্ক বিতৰণ কাৰ্য সম্পাদন কৰিছে । ইয়াৰ উপৰি ভালেমান দুখীয়া ছাত্র-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ পাঠ্যপুথি, আচবাব আৰু পাঁচ হেজাৰ টকাকৈ আৰ্থিক সাহাৰ্যও আগবঢ়াইছে ।

তাৎপৰ্যপূৰ্ণভাৱে তেওঁৰ নিজ ওপজা গাঁও গধিয়াপাৰাৰ এটি দুখীয়া পৰিয়ালৰ এজনী কন্যাৰ বিয়াৰ সম্পূৰ্ণ ভোজভাতৰ খৰছ নিজ গাঁঠিৰ পৰা কৰি বদান্যতাৰ পৰিচয় দাঙি ধৰিছে । যোৱাবাৰ তলাবন্ধ আৰু বানপানীৰ সময়তো দুখীয়া আৰু আৰ্তজনৰ মাজতো নিত্যব্যৱহাৰ্য সা-সামগ্ৰী বিতৰণ কৰি সমাজ সেৱাৰ নিদৰ্শন দাঙি ধৰিছে ।

প্ৰকৃতি প্ৰেমীৰ ৰূপত :

মানৱ দৰদী চিকিৎসক ডা: অৰবিন্দ ডেকা অগাধ প্ৰকৃতি প্ৰেমীও ।‌ সেউজ মঙলদৈ স্বচ্ছ মঙলদৈ (Green Mangaldoi, clean Mangaldai) মন্ত্ৰেৰে মন্ত্ৰমুগ্ধ হৈ ডা: ডেকাই সম্পূৰ্ণ নিজা উদ্যোগ আৰু খৰছত জিলাৰ সদৰ চহৰখনত প্ৰায় পাঁচশ গছ পুলি ৰোপন কৰি মঙলদৈত এক আকৰ্ষণীয় ৰূপত সেউজ পৰিৱেশ গঢ়ি তুলিছে ।‌ তেওঁ ৰোপন কৰা কোৰছ গছৰ ছাঁই সকলোকে গৰমৰ দিনত অনাবিল শান্তি বিলাইছে, শিলিখা আৰু আমলখি ছিঙি বাটৰুৱাই খাব পৰা হৈছে।তাকে দেখি ডাক্তৰ ডেকাই সৰগীয় আত্ম তৃপ্তি লাভ কৰিছে ।

শিক্ষকৰ ৰূপত ডাক্তৰ অৰবিন্দ ডেকা

চিকিৎসাসেৱা, সমাজ সেৱা, কৃষি বিপ্লৱ আৰু প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ সমান্তৰালকৈ এইগৰাকী অনন্য প্ৰতিভাৰ অধিকাৰী ডা: ডেকাই ঢৌতে খৰ মাৰি বিনামূলীয়া শিক্ষকতাৰ দৰে পৱিত্ৰ কৰ্মতো অৱতীৰ্ণ হৈছে । মঙলদৈ চহৰৰ আগশাৰীৰ আৰু ঐতিহাসিক শিক্ষানুষ্ঠান মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনত ছাত্র ছাত্ৰীৰ মাজত বিজ্ঞানৰ পাঠদান কৰি মহানুভৱতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

এইদৰে প্ৰৱল ইচ্ছা শক্তি আৰু অদমনীয় উদ্যম আৰু মনোবলৰ বাবে তেওঁ চিকিৎসা সেৱাৰ দৰে ব্যস্ততাপূৰ্ণ বৃত্তিৰ লগত জড়িত থাকিও সমান্তৰালকৈ, সমাজ সেৱা, কৃষি উদ্যোগ, প্ৰকৃতি সেৱাৰ উপৰিও শিক্ষকতাৰ পৱিত্ৰ সেৱাতো নিজকে নিয়োজিত কৰিছে‌ ।ইয়াৰ উপৰি কৃষি ক্ষেত্ৰ আৰু স্বাস্থ্য সেৱাৰ প্ৰতিষ্ঠানত সৰ্বমুঠ ৩০(তিশ)জনতকৈয়ো অধিক যুৱক-যুৱতীক আত্মসংস্থাপন দিবলৈ সক্ষম হৈছে ।

আজিৰ এই জটিল সন্ধিক্ষণত ডা: অৰবিন্দ ডেকাৰ দৰে আদৰ্শ লোক আমাৰ সমাজৰ বাবে অতিকৈ প্ৰয়োজন হৈ পৰিছে ।

Exit mobile version