কোকৰাঝাৰ জিলাৰ দোতমা সমূহীয়া স্বাস্থ্য কেন্দ্রৰ অধিন চিথিলা বগৰীগুৰী গাওঁৰ বাসিন্দা বীৰেন্দ্ৰ দেবনাথৰ পুত্র অমৰ দেবনাথ (৩০) তিনি মাহ পূৰ্বৰে পৰা দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ শয্যাশায়ী হৈ আছে।
এতিয়া অমৰ দেবনাথৰ প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ। ইতিমধ্যে অমৰ দেবনাথে দীর্ঘ সময়ৰ পৰা বিছনাত শুই থকাৰ বাবে দেহৰ বিভিন্ন অংশত ঘাঁহ হোৱা পৰিলক্ষিত হৈছে। পৰিয়ালটো আৰ্থিকভাৱে দুৰ্বল হোৱা বাবে উন্নত চিকিৎসা কৰিবলৈ অক্ষম হৈ পৰিছে।
স্থানীয়লোক তথা গাওঁবাসীয়ে অলপ আৰ্থিক অনুদান আগবঢ়াইছে। কিন্তু গাওঁবাসী আৰু স্থানীয় লোকৰ আৰ্থিক অনুদানে কোনো ধৰনৰ উন্নত চিকিৎসা কৰিব পৰা নাই সেইবাবে আজি পৰিয়ালটোৱে সংবাদমাধ্যমৰ কাষ চাপে আৰু অমৰ দেবনাথৰ উন্নত চিকিৎসাৰ বাবে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো, বিটিআৰৰ স্বাস্থ্য বিভাগৰ ই এম অৰূপ কুমাৰ দেৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰিছে অমৰ দেবনাথৰ পিতৃ বীৰেন্দ্ৰ দেবনাথে।
ইপিনে সদৌ অসম বাঙালি যুব ছাত্র ফেডাৰেচনৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ইন্দ্ৰজীৎ দেবনাথে কয় যে অমৰ দেবনাথৰ চিকিৎসাৰ বাবদ দুৰ্ভোগীয়া পৰিয়ালটোক অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যাতে উন্নত চিকিৎসাৰ বাবে সহায় সহযোগ কৰাৰ লগতে আৰ্থিকভাবে দুৰ্বল পৰিয়ালটোক যাতে খাদ্য সামগ্রীও যোগান ধৰে তাৰ বাবে আহ্বান জনায়।
ইয়াৰ উপৰিও আৰ চি চি অফ বিটিএফৰ কোষাধ্যক্ষ মনোৰঞ্জন দেবনাথ, বগৰীগুৰী গাওঁৰ গাওঁবুঢা, সুকুমাৰ দেবনাথও অমৰ দেবনাথৰ উন্নত চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে।