ক’ভিডে দেশৰ বৃহৎ সংখ্যক জনতাৰ জীৱন যাপন সীমাহীন যন্ত্রণাময় কৰি তুলিছে। প্রায় প্রতিটো সাধাৰণ পৰিয়ালৰে অর্থনৈতিক অৱস্থা ভাঙি চুৰমাৰ কৰিছে ভয়াৱহ সংক্রমণ সৃষ্ট পৰিস্থিতিয়ে। ক’ভিডৰ প্রথম টৌৰ আঘাত চম্ভালি কোনাে মতে থিয় দিয়া সাধাৰণ পৰিয়ালসমূহক দ্বিতীয়টো ঢৌৱে মাধমাৰ শােধাই দৰিদ্ৰতাৰ গৰাহলৈ ঠেলি দিছে।
এনে পৰিপ্ৰেক্ষিতত বহু ভাৰতীয়ই এতিয়া শেষ সাঁচতীয়া সম্বল সােণ বিক্ৰী কৰিবলৈ বাধ্য হৈছে। দৈনন্দিন জীবন যাপনৰ বাবে বিক্রী কৰিছে সােণৰ অলংকাৰ। গ্রাম্য ভাৰতৰ অর্থনীতি আৰু উপার্জনত ক’ভিডৰ নতুন ঢৌৱে মাৰাত্মক ক্ষতিসাধন কৰিছে। বহু ভাৰতীয় পৰিয়ালে বিপদৰ সময়ৰ বাবে সােণ ক্ৰয় কৰি সঞ্চয় কৰে।
এতিয়া সেই সাঁচতীয়া সােণেই বিভিন্নজনে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। উদাহৰণ স্বৰূপে পল ফার্ণাণ্ডেজ নামৰ ৫০ বছৰীয়া পৰিচাৰকজনে বিগত বৰ্ষত সােণ বন্ধকত থৈ সন্তানৰ শিক্ষাদানৰ বাবে ঋণ লৈছিল। ক’ভিড পৰিস্থিতিত চাকৰি হেৰুওৱাৰ ফলত তেওঁ এইদৰে ঋণী হয়। এই বছৰত তেওঁ জীৱন যাপনৰ বাবে সােণৰ অলংকাৰ বিক্ৰী কৰিবলৈ বাধ্য হয়।
চাকৰি হেৰুৱাই কর্মহীন হৈ পৰা ফার্ণাণ্ডেজে নতুনকৈ কৰ্মত যােগ দিয়াৰ লগতে আত্মনিৰ্ভৰশীল হােৱাৰ বাবেও বহু চেষ্টা চলাই ক’ভিড পৰিস্থিতিৰ বাবে ব্যর্থ হােৱাৰ পাছত তেওঁৰ হাতত আন কোনাে বিকল্প উপায় নাছিল। গােৱাৰ এই বাসিন্দাজনে কয় যে সঞ্চিত সােণ বিক্ৰী কৰাৰ বাহিৰে তেওঁৰ হাতত আন কোনাে উপায় নাই।
সােণৰ বিনিময়ত ঋণ ল’লে তাক পৰিশােধৰ বােজা বহন কৰিবলগীয়া হয়; কিন্তু সােণ বিক্ৰী কৰিলে কাকো ওভতাই দিয়াৰ চিন্তাৰ পৰা মুক্ত হােৱাৰ লগতে অতিৰিক্ত সুতৰ বােজা মুক্তও হয় বুলি কয় ফার্ণাণ্ডেজে। দুর্দশাগ্রস্ত ভাৰতীয়ই সােণ বন্ধকত থৈছে তাৰে উদাহৰণ দেশৰ সর্ববৃহৎ সােণ বন্ধকৰ বিপৰীতে ঋণ আদায় দিও মন্নপূৰম ফাইনেন্স লিমিটেডৰ তথ্যই দাঙি ধৰে।
এই তথ্য অনুসৰি যােৱা মাৰ্চৰ পৰা বিগত তিনিমাহত কোম্পানীটোৱে ঋণৰ বাবদ লাভ কৰা ৪৪০ কোটি টকাৰ সােণ নিলামত বিক্ৰী কৰে। ইপিনে, ইয়াৰ পূৰ্বৰ মাহত নিলাম কৰা সােণৰ পৰিমাণ আছিল মাত্র আঠ কোটি টকা। মন্নপূৰ্মত ঋণৰ বাবে সােণৰ আ-অলংকাৰ বিক্ৰী কৰা লােকসকল অতি সাধাৰণ শ্ৰেণীৰ দিন হাজিৰা কৰা শ্রমিক, ক্ষুদ্র উদ্যাগী আৰু কৃষক।
এইসকলৰ ঋণ পৰিশােধ ক্ষমতা নাই। সেয়েহে সঞ্চিত সােণৰ অলংকাৰকে বন্ধকত থৈ অথবা বিক্ৰী কৰি জীৱন যজত বাচি থাকিবলৈ চেষ্টা কৰিছে। এই সম্পর্কত লণ্ডনৰ এটা বিত্তীয় প্রতিষ্ঠানৰ বিশেষজ্ঞ চিৰাগ শেঠে কয় যে দ্বিতীয় টৌত প্রথম ঢৌৰ তুলনাত ভয়াৱহ বিত্তীয় ক্ষতিৰ সন্মুখীন হৈছে ভাৰতীয়সকল।
ইয়াৰ ফলত সােণ বিক্ৰীৰ ওপৰত বহুজনে নির্ভৰ কৰিবলগীয়া হৈছে। ২০২০ত প্রথমটো টৌত ক’ভিডে ভাঙি পেলােৱা অর্থনৈতিক পৰিস্থিতিৰ জোৰা মাৰিবলৈ যিসকল লােকে সােণ বন্ধকত থৈছিল এইবাৰ তেওঁলােকে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।
তৃতীয়লানি ঢৌ আহিলে সােণৰ অলংকাৰ তৈয়াৰ কৰিবলৈ গলােৱা সােণৰ পৰিমাণ ২১৫ মেট্রিক টনৰ অধিক হ’ব পাৰে। এনে হলে বিগত ন বছৰৰ ভিতৰত সর্বাধিক পৰিমাণৰ সােণৰ গলিত ৰূপ দিয়া হ’ব বুলি তেওঁ কয়। বিগত বৰ্ষত ভাৰতীয়সকল বিত্তীয় সমস্যাৰ সন্মুখীন হৈছিল আৰু সােণৰ ঋণৰ জৰিয়তে এই পৰিস্থিতিৰ পৰা মুক্ত হৈছিল।
এতিয়া তেওঁলােকে চলিত বৰ্ষত পুনৰ এক নতুনকৈ বিত্তীয় সমস্যাৰ সন্মুখীন হৈছে আৰু সন্মুখত আছে তৃতীয় টৌ। ইয়াৰ অৰ্থ হৈছে কর্মহীন হৈ পৰা। এইদৰে কয় শেঠে। তেওঁ কয় যে আগষ্ট আৰু ছেপ্টেম্বৰত সম্ভাব্য তৃতীয় ঢৌৰ প্রকোপৰ সময়তে আর্তজনৰ সােণ বিক্ৰীৰ বাবে হেতা-ওপৰা লাগিব।
ক’ভিড পৰিস্থিতিত তলাবন্ধৰ ফলত কোঙা হৈ পৰা অর্থনীতিত বহু ভাৰতীয় পুনৰ দৰিদ্ৰ অৱস্থালৈ উভতি গৈছে। ২০ কোটিৰ অধিক ভাৰতীয়ৰ উপার্জন দৈনিক ন্যূনতম মজুৰিতকৈও কম হৈছে। মনকৰিবলগীয়া যে দেশৰ ভিতৰতে সর্বাধিক সােণ বিক্রী হয় দক্ষিণ ভাৰতত।
সােণৰ ব্যৱসায়ৰ এনে এটি কোম্পানীৰ সঞ্চালকৰ মতে, সাধাৰণ অৱস্থাতকৈ ২৫ শতাংশ অধিক সাঁচতীয়া সােণ অলংকাৰ বিভিন্নজনে বিক্ৰী কৰিছে। তেওঁ কয়,’তলাবন্ধৰ পাছত সােণৰ অলংকাৰৰ বিপণী মুকলি হােৱাৰ পাছত দুটা কাৰণত ভিৰ হােৱা দেখা গৈছে। এটা হৈছে বিয়াৰ বাবে সােণ ক্ৰয় আৰু আনটো হৈছে টকাৰ বাবে সােণ বন্ধকত ৰখা অথবা বিক্রী। দুর্বল অর্থনীতি আৰু কৰ’না সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিগত কে’বা বছৰ ভাৰতীয়ৰ সােণ ক্ৰয়ৰ প্রবণতা হ্রাস পাইছিল।
২০২০ত দুটা দশকৰ ভিতৰতে ভাৰতত সােণৰ বিক্ৰী সর্বনিম্ন আছিল বুলি বর্ল্ড গ’ল্ড কাউন্সিলে প্ৰকাশ কৰিছে। অৱশ্যে সােণৰ মূল্য সম্প্রতি হ্রাস পােৱাত চলিত বৰ্ষত বিক্রী বৃদ্ধি পাব বুলি কোৱা হৈছে। ইতিমধ্যে মূল্য হ্রাসৰ ফলত সােণৰ ৪০ শতাংশ বিক্রী বাঢ়িছে। এনে পৰিস্থিতিত তৃতীয় ঢৌৱে পুনৰ অধিক বিপদ কঢ়িয়াই আনিব বুলি সােণৰ ব্যৱসায়ীসকল আতংকত ভুগিছে।






























