নেপালত উচ্চতম ন্যায়ালয়ে কে পি শৰ্মা অলিক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অপসাৰণ কৰি তৎকালীনভাৱে নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেওবাক প্ৰধানমন্ত্ৰী নিযুক্ত কৰাক লৈ আজি প্ৰতিবাদত উত্তাল হৈ উঠিল কাঠমাণ্ডুৰ ৰাজপথ ।
অলিৰ সমৰ্থকসকলে দেওবাক এইদৰে প্ৰধানমন্ত্ৰী নিযুক্ত কৰাৰ তীব্ৰ বিৰোধিতা কৰি ৰাজপথত দেওবা বিৰোধী শ্ল’গান দিয়ে ।
ৰাজধানী কাঠমাণ্ডুসহ নেপালৰ একাধিক চহৰৰ বিগত দুদিন ধৰি অলিপন্থীয়ে এইদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে । উল্লেখ্য যে মঙলবাৰে বিয়লিবেলা নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে দেউবাক দেশখনৰ বিয়লিবেলা নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে দেউবাক দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত পাঠ কৰায় ।