আৰম্ভ হৈছে কৰ’নাৰ তৃতীয় ঢৌ, সতৰ্ক কৰিলে হু’য়ে

1 Ramon y Cajal hospital covid icu 770x433 1

কৰ’নাৰ তৃতীয় ঢৌ উঠিবলৈ আৰম্ভ কৰিছে, সতৰ্ক কৰি দিলে বিশ্ব স্বাস্থ্য সংস্থাই । বৃহস্পতিবাৰে হু’ৰ প্ৰধানে কয়, “দুৰ্ভাগ্যজনক ভাবে আমি ইতিমধ্যে তৃতীয় ঢৌৰ প্ৰাৰম্ভিক স্তৰত উপনীত হৈছো ।”

ডেল্টা ৰূপক লৈ ইতিমধ্যে চিন্তিত বিশ্বৰ ১১১ খন দেশ । হুৰ মুৰব্বী টেড্ৰছ এডানম গেব্ৰেয়েছাছে জনাইছে, ডেল্টাৰ বিস্তাৰ আৰু তাৰ স’তে কৰ’না বিধি পৰিহাৰ কৰাৰ প্ৰৱণতাৰ ফলত বিশ্বৰ অধিকাংশ দেশত নতুনকৈ সংক্ৰমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে । মৃত্যুও বাঢ়ি আহিছে।

উৰ্ধমুখী এই পৰিসংখ্যা দেখি তৃতীয় ঢৌক লৈ সতৰ্ক কৰি হু’য়ে জনাইছে, কৰ’না ভাইৰাছে যি ক্ৰমান্বয়ে নিজকে সলনি কৰিছে আৰু অধিক সংক্ৰামক হৈ পৰিছে সেইয়া পাহৰি নাযাব ।”

টেড্ৰছে কয়, “কৰ’না ডেল্টা ৰূপ ইতিমধ্যে ১১১ খন দেশলৈ বিয়পি পৰিছে। আমাৰ আশংকা ,অতি সোনকালেই এই ৰূপটোৱে সমগ্ৰ বিশ্বত আধিপত্য বিস্তাৰ কৰিব ।”

হুৱে জনাইছে, বিশ্বত কৰ’না সংক্ৰমণৰ সংখ্যা যোৱা সপ্তাহত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে । হু’ৰ দ্বাৰা নিৰ্ধাৰিত ছয়টা অঞ্চলৰ ভিতৰত পাঁচটা অঞ্চলত সংক্ৰমণৰ উৰ্ধমুখী প্ৰৱণতা দেখা গৈছে ।

টেড্ৰছে কয়, “কিছুমান দেশত ভেকছিনৰ অভাৱ আৰু টিকাকৰণ কৰা দেশবোৰত কৰ’না নিয়ম পালনৰ অৱহেলাই আমাক তৃতীয় ঢৌৰ প্ৰাৰম্ভিক পৰ্যায়লৈ লৈ গৈছে ।”

টেড্ৰছৰ পৰামৰ্শ, “ছেপ্টেম্বৰৰ ভিতৰত, পৃথিৱীৰ সকলো দেশতে তেওঁলোকক মুঠ জনসংখ্যাৰ কমেও ১০ শতাংশৰ টিকাকৰণ সম্পূৰ্ণ কৰিব লাগিব । “এই বছৰৰ শেষলৈ, প্ৰতিখন দেশৰ কমেও ৪০ শতাংশ নাগৰিকক টিকাকৰণ কৰিব লাগিব ।”

Exit mobile version