এটা দশকৰ ভিতৰতে চন্দ্রই মাতি আনিব ভয়াৱহ বান

কে’বা মাহলৈ তল যাব ভাৰত-আমেৰিকা আদি বহু দেশৰ ভূমি

FullMoon2010

আকাশৰ চন্দ্ৰটোলৈ দৃষ্টি নিক্ষেপ কৰিলে অধিকাংশ সময়তে মনটো মুকলি হৈ পৰে। এই সকলােৰে প্রিয় চন্দ্ৰটোৱেই আগন্তুক এটা দশকৰ ভিতৰতে পৃথিৱীলৈ কঢ়িয়াই আনিব ভয়ংকৰ বিপদ।

পৃথিৱীক প্রদক্ষিণ কৰাৰ বাবে নিজৰ কক্ষপথেৰে থৰক-বৰক খােজেৰে আগবাঢ়ি যােৱাৰ বাবেই চন্দ্ৰটো আগন্তুক দিনত কেবাখনাে দেশৰ বাবে আতংকৰ কাৰণ হৈ পৰিব পাৰে। চন্দ্ৰটোৰ এই অৱস্থাৰ বাবেই এই শতিকাৰে তিনিৰ দশকত পৃথিৱীত সৃষ্টি হ’ব ভয়ংকৰ বান। সেয়াও আগন্তুক ১০ বছৰৰ ভিতৰতে।

সাগৰ-মহাসাগৰসমূহৰ জলস্তৰ অস্বাভাৱিকভাৱে ওপৰলৈ উঠি আহিয়েই মাতি আনিব এই ভয়ংকৰ বান, যি অতি সঘনাই আহিব। আনকি পানীৰ তলত কে’বা মাহ ধৰি থাকিবলগীয়া হ’ব পাৰে ভাৰত-আমেৰিকাসহ সাগৰৰ উপকূলৱর্তী বহু দেশৰ চহৰ, গ্রামাঞ্চল।

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই উদ্বেগজনক খবৰ দিছে। নাছাৰ বিজ্ঞানীৰ এখন গৱেষণা পত্র সম্প্রতি আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ ক্লাইমেট চেইঞ্জ’ত প্রকাশ পাইছে। গৱেষণা পত্ৰত কোৱা হৈছে যে নিজৰ কক্ষপথত সামান্য হাউলি পৰি চন্দ্ৰটোৱে পৃথিৱীক প্রদক্ষিণ কৰে আৰু নির্দিষ্ট সময়ৰ অন্তৰালত সেই হাউলি থকা অৱস্থাতে প্রায় থৰক- বৰক খােজেৰে আগবঢ়াৰ দৰে আগবাঢ়ি যােৱাৰ ফলতে চন্দ্ৰটো বিপদৰ কাৰণ হৈ উঠিব।

পৃথিৱীক প্রদক্ষিণৰ পথত চন্দ্ৰৰ প্রায় ১৮ বছৰ ছমাহৰ এটা চক্র আছে। অর্থাৎ সেই সময়ৰ অন্তৰালত চন্দ্ৰই এবাৰ পৃথিৱীৰ প্রদক্ষিণ সম্পূর্ণ কৰে। এই চাৰে ১৮ বছৰৰ অর্ধেক সময়ত চন্দ্ৰৰ বাবে পৃথিৱীৰ সকলাে সাগৰ-মহাসাগৰত জোৱাৰৰ পৰিমাণ আৰু প্রাবল্য ভাটাৰ তুলনাত অনেক বেছি হয়।

চক্ৰৰ বাকী সময়খিনি হয় ইয়াৰ বিপৰীত প্রতিক্রিয়া। অর্থাৎ পৃথিৱীৰ সকলাে সাগৰ-মহাসাগৰত ভাটাৰ পৰিমাণ আৰু প্রাবল্য জোৱাৰৰ তুলনাত বেছি হয়। নিজৰ কক্ষপথত চন্দ্ৰটো এতিয়া যি পৰ্যায়ত আছে, তাৰ ফলত পৃথিৱীৰ সকলাে সাগৰ- মহাসাগৰৰ ভাটাৰ পৰিমাণ আৰু প্রাবল্য জোৱাৰৰ তুলনাত সামান্য বেছি।

এই অৱস্থাটো এই শতিকাই তিনিৰ দশকত ভৰি দিয়াৰ লগে লগেই সলনি হৈ পৰিব। তেতিয়াই সৃষ্টি হ’ব ভয়ানক বানৰ সমস্যা। অৱশ্যে চন্দ্ৰৰ কক্ষপথত প্রদক্ষিণৰ সময়ত এনে ঘটনা পূর্বেও ঘটিছে; গতিকে এইবাৰ কিয় ভয়ানক বানে আমেৰিকাসহ সাগৰৰ উপকূলৱর্তী প্রায় সকলাে দেশলৈ কিয় বিপদ মাতি আনিব পাৰে বুলিও প্রশ্ন উঠিছে।

উল্লেখ্য যে সুদীর্ঘ উপকূল থকাৰ বাবে ভাৰতাে এনে বিপদৰ সন্মুখীন হােৱাৰ সম্ভাৱনাই প্ৰৱল। এই সন্দৰ্ভত নাছাৰ মুখ্য প্রশাসক বিল নেলছনে কয়,’ ইয়াৰ বাবে দায়ী হৈছে জলবায়ু পৰিৱৰ্তন, গােলকীয় উষ্ণতা আৰু সাগৰৰ জলস্তৰৰ দ্রুত উচ্চতা বৃদ্ধি। যি বিগত তিনিশ বছৰত ইতিমধ্যেই অভিলেখ সৃষ্টি কৰিছে। গােলকীয় উষ্ণতা চলিত হাৰত অটুট থাকিলে সাগৰৰ জলস্তৰ আৰু উঠি আহিব। লগতে যােগ হ’ব চন্দ্ৰৰ বাবে সৃষ্টি হােৱা জোৱাৰৰ পৰিমাণ আৰু প্রাবল্য বৃদ্ধি। তাৰ ফলতে আমেৰিকাসহ বিশ্বৰ প্রায় সকলাে সাগৰীয় উপকূলৱর্তী দেশৰ বৃহৎ অঞ্চলে বছৰৰ যথেষ্ট সময় পানীৰ তলত থাকিব লাগিব।’

নাছাই লগতে জনাইছে যে কেৱল আমেৰিকাৰেই উপকূলৱর্তী চহৰসমূহত তিনিৰ দশকত ভয়াৱহ বানৰ পৰিমাণ কমেও তিনিৰ পৰা চাৰি গুণ বৃদ্ধি পাব। অৱশ্যে তেনে বান সমগ্র বছৰতে নাথাকে। হ’ব বছৰৰ কেইটামান মাহত। তাৰ বাবেই মাৰাত্মকভাৱে ক্ষতিগ্রস্ত হ’ব স্বাভাৱিক জীৱন।

Exit mobile version