বিগত কিছুদিন ধৰি হৈ থকা বৰষুণৰ বাবে ফেনেফুটুকাৰে বাঢ়িছে বেঁকী নৈৰ জলপৃষ্ঠ ৷ তাৰ মাজতে আজি বেঁকী নৈৰ কোবাল সোঁতত উটি আহে এটা মৃত হৰিণা ৷
ADVERTISEMENT
ভূটান পাহাৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ অহা বেঁকী নৈৰ বুকুত উটি অহা মৃত হৰিণাটো বাগসা-বৰপেটাৰ সীমান্তৱৰ্তী গোৱৰ্ধনাৰ সমীপৰ ছাফাকামাৰৰ নৈৰ ঘাটত উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷
মৃত হৰিণাটোৰ দেহত ক্ষত-বিক্ষত চিহ্ন প্ৰত্যক্ষ কৰি ৰাইজে মানাহৰ বাঘৰ আক্ৰমণতেই হৰিণাটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷