ক’ভিডত স্বামীৰ মৃত্যু হোৱা ১৩গৰাকী বিধৱা মহিলাক মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনীৰ আঢ়ৈ লাখ টকাৰ চেক বিতৰন চিৰাঙত

মন্ত্ৰী উৰ্খাউগৌৰা ব্ৰহ্মই বিতৰণ কৰে চেক

চিৰাঙৰ কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত ক’ভিড অতিমাৰীৰ স্বামীহাৰা বিধবা মহিলা সকললৈ মুখ্যমন্ত্ৰী সাহাৰ্য্য আঁচনিৰ অধীনত চেক বিতৰণ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ।

আজি কাজলগাঁৱৰ উপায়ুক্ত কাৰ্য্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত চিদলী বিধানসভাৰ সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিআৰৰ কাৰ্য্যবাহী সদস্য দ্বয় ক্ৰমে ৰঞ্জিত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰীৰ উপস্থিতিত জিলা খনৰ ১৩ গৰাকী হিতাধীকাৰী বিধৱা মহিলাৰ মাজত এককালীন ২,৫০,০০০ টকাৰ সাহাৰ্য্য চেক বিতৰণ কৰে ।

উল্লেখ যে চিৰাং জিলাত বিগত ২০২০ আৰু ২০২১ বৰ্ষত ক’ভিড আক্ৰান্ত হৈ ৪৩ জন লোকৰ মৃত্যু হৈছিল । তাৰে আজি প্ৰথম পৰ্য্যায়ত ১৩ গৰাকী হিতাধীকাৰী বিধবা মহিলাৰ মাজত এই আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰে ।

চেক বিতৰণ কৰি মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই কয় যে, এয়াই শেষ নহয় যি সকল মহিলা ৰৈ গৈছে তেওঁলোককো চেক বিতৰণ কৰা হব। মুঠতে ক’ভিডত যাতে মানুহ মৰিবলগীয়া নহয় তাৰ বাবে সজাগতা আৰু সাৱধানতাৰ প্ৰয়োজন আছে।

এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন আঁচনি লব পাৰে কিন্ত জনসাধাৰণৰ সহায় নহলে সকলো বিফল হব গতিকে জনসাধাৰণে এই ক্ষেত্ৰত চৰকাৰক সহায় কৰিব লাগিব বুলিও কয় মন্ত্ৰীজনে।

Exit mobile version