কাৰ্বি আংলংত মুখ্যমন্ত্ৰীয়ে ড্ৰাগছ দাহ কৰাৰ এদিনৰ পাছতে ডিলাইত ড্ৰাগছসহ এজনক আটক

WhatsApp Image 2021 07 18 at 7.24.28 PM

বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীৰ নাকা তালাচীত ডিমাপুৰৰ পৰা মৈৰাবাৰীলৈ আহি থকা এখন মাৰুতি ছুইফট গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে আটক হয় এজন সৰৱৰাহকাৰী ৷

১০টা চাবোনৰ বাকচত প্ৰায় ১২০ গ্ৰাম ড্ৰাগছ সোমোৱাই আনিছিল সৰৱৰাহকাৰীটোৱে শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জুইত দাহ কৰাৰ এদিনৰ পাছতে আজি এনেদৰে কাৰ্বি আংলং জিলাৰ ডিলাইৰ থানাত জব্দ কৰিবলৈ সক্ষম হৈছে প্ৰায় ৪০ লাখ টকাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

তথ্য অনুসৰি ডিলাই আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰা লোকজন মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মহম্মদ ইক্ৰামুল ইচলাম (৪৩) । মাৰুতি চুইফটৰ পাছফালৰ চিটত লুকুৱাই লৈ আনিছিল ড্ৰাগছ।

প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে ড্ৰাগছ সমুহ ডিমাপুৰৰ পৰা মৈৰাবাৰিলৈ বুলি লৈ অহা হৈছিল। বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত উক্ত ড্ৰাগছ সমুহ জব্দ কৰে ডিলাইৰ থানাৰ আৰক্ষী বিষয়া বিতুপন চুতীয়া ই।

Exit mobile version