বাগসাৰ শিমলাত বিদ্যালয় প্ৰধানৰ স’তে প্ৰমোদ বড়ো-ইউ জি ব্ৰহ্মৰ বৈঠক

প্ৰাথমিক প্ৰক্ৰিয়া শেষ হ’লেই নিযুক্তি পাব টেট উত্তীৰ্ণ প্ৰাৰ্থী

বাগসা জিলাৰ শালবাৰীৰ শিমলা হজুৱাস্থিত ককলাবাৰী চাপাগুৰি কলেজ প্ৰেক্ষাগৃহত আজি জালাহ প্ৰাথমিক শিক্ষাখণ্ডৰ অধীনস্থ তথা ৪২ নং ককলাবাৰী সমষ্টিৰ অন্তৰ্গত এলপি,এমই,হাইস্কুল তথা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান সকলৰ স’তে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু কেবিনেট মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক  উৰ্খাও গৌৰা ব্ৰহ্মৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷

বিশেষকৈ গুণগত শিক্ষা আৰু শিক্ষানুষ্ঠানৰ সমস্যা সন্দৰ্ভত মুকলিকৈ আলোচনা হোৱা বৈঠকত বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে কয়,”বিটিআৰত বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ লগত আমাৰ আলোচনা হৈ আহিছে বিভিন্ন দিশত৷আজি ককলাবাৰী সমষ্টিত জালাহ ব্লকৰ অধীনৰ সকলো এলপি,এমই,হাইস্কুল,উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ লগত গুণগত শিক্ষা আৰু শিক্ষানুষ্ঠানৰ বিভিন্ন সমস্যাৰ কেনেকৈ স্থায়ী সমাধান কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয়৷

আলোচনাত যিবোৰ তথ্য ওলাই আহিছে বা যিবোৰ সমস্যাৰ কথা জানিব পৰা গৈছে সেইয়া আমাৰ কাউন্সিলৰ ফালৰপৰা কৰিবপৰাখিনি সমাধান কৰিম আৰু কাউন্সিলে নোৱাৰাখিনি অসম চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে যিমান সোনকালে পৰা যায় সমাধানৰ ব্যৱস্থা কৰা হ’ব৷” তেওঁ কয়, বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে হাইস্কুল সমুহৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ প্ৰক্ৰিয়া বৰ্তমান সামৰণিৰ পথত আৰু প্ৰাথমিক বিদ্যালয় সমুহৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ পৰীক্ষা নিৰীক্ষা চলি আছে আৰু অলপ প্ৰাথমিক প্ৰক্ৰিয়া শেষ কৰাৰ পিছতেই টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে নিযুক্তি লাভ কৰিব৷

বিটিচিৰ বিশেষ টেট শিক্ষক সকলে চৰকাৰী নিয়মনীতিৰ আওতাত আহিলে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ’ব৷ বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োৱে কয়,তলাবন্ধৰ সুযোগ লৈ কোনো অসাধু ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰিলে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মইও শিক্ষক শিক্ষা শিক্ষানুষ্ঠান সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে৷ ইফালে সভাৰ অন্তত সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী ব্ৰহ্মই উগ্ৰপন্থী সদস্য বি বাথা, নৱ কুমাৰ শৰণীয়া আৰু এনএলএফবি সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে৷

ব্ৰহ্মই কয় যে কিবা ভুল বুজাবুজিৰ ফলত বি বাথা পুনৰ হাতত অস্ত্ৰ লৈ জংঘললৈ ঘূৰি গৈছে যদিও পূৰ্বৰ দৰে এই অঞ্চলত কিবা বিভীষিকাময় পৰিস্থিতি হ’ব বুলি নাভাবে তেওঁ৷ ভাল খবৰ এয়াই যে বি বাথা পুনৰ মূলসুতিলৈ ঘূৰি আহিব বুলি খবৰ আহিছে ৷

বি বাথাৰ লগত চৰকাৰ আৰু প্ৰশাসনৰ আলোচনা অব্যাহত আছে৷ বড়ো ভূমিত শান্তি স্থাপনৰ উদ্দেশ্যে বি বাথাক পুনৰ ঘূৰি আহি সক্ৰিয় ৰাজনীতিত চামিল হ’বলৈ আহ্বান জনায় ব্ৰহ্মই৷ বড়ো ভূমিত শান্তি প্ৰক্ৰিয়া চলি আছে, ইয়াৰ জনগণে এতিয়া উন্নতি বিচাৰে৷ এনএলএফবিৰ নামত ধনদাবী অব্যাহত থকা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান ভুৱা উগ্ৰপন্থীয়ে ধন দাবী কৰি থকা পৰিলক্ষিত হৈছে।

চৰকাৰে প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ ভূমিকা ল’বলৈ নিৰ্দেশ দিছে৷ বড়োভূমিৰ পৰা পাঁচ শতাধিক যুৱক নিৰুদ্দেশ হোৱা আৰু এই যুৱকসকল এনএলএফবি সংগঠনলৈ যোৱাৰ আশংকা কৰা সাংসদ নৱ কুমাৰ শৰণীয়াৰ মন্তব্যৰ বিৰোধিতা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নৱ কুমাৰ শৰণীয়াৰ এয়া এক অপপ্ৰচাৰহে৷ বাগসা জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে আঁতধৰা বৈঠকখনত বিটিচিৰ শিক্ষা সঞ্চালক ড° জগদীশ প্ৰসাদ ব্ৰহ্ম,বিটিআৰৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস,জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৰোজ মহিলাৰী,শালবাৰী বিদ্যালয় সমুহৰ পৰিদৰ্শক মিলন দাস প্ৰমুখ্যে কেবাগৰাকী শিক্ষা বিষয়া,শিক্ষা সচেতন ব্যক্তি উপস্থিত থাকে৷

Exit mobile version