ৰামায়ণৰ বীৰ কুম্ভ কৰ্ণই বছৰৰ ছমাহ শুই কটাইছিল আৰু ৰাজস্থানৰ পুৰখাৰামে এবাৰ শুলে ২০-২৫ দিনলৈ সাৰ নাপায় । তেওঁ সৰ্বমুঠ বছৰৰ ৩৬৫ দিনৰ তিনিশ দিনেই শুই কটায় । ইয়াৰ পাছতো ক্লান্তি দূৰ নহয় পুৰখাৰামৰ । কিয় এই দীৰ্ঘ নিদ্ৰা ? ইয়াৰ কাৰণ হৈছে এক বিৰল ৰোগ । ডাক্তৰৰ পৰিভাষাত যাৰ নাম ‘এক্সিছ হাইপাৰছমনিয়া’ ।
নাগৌৰ জিলাৰ ভড়বাৰ সকলো মানুহে চিনি পায় পুৰখাৰামক । ২৩ বছৰ পূৰ্বে তেওঁৰ এই ৰোগ প্ৰথমবাৰৰ বাবে ধৰা পৰে । তেতিয়াৰ পৰাই স্বাভাৱিক জীৱন কি তেওঁ প্ৰায় পাহৰিয়ে গৈছে । এবাৰ টোপনি ধৰিলে য’ত আছে তাতেই শুই পৰে তেওঁ । ইয়াৰ পাছত ২০-২৫ দিন গা-ধোৱা, ভাত খোৱা সকলো নিদ্ৰামগ্ন অৱস্থাতে কৰি দিব লাগে পৰিয়ালবৰ্গই ।
চিকিৎসকসকলে কয়, এক্সিছ হাইপাৰছমনিয়া প্ৰকৃততে স্নায়ু ৰোগ । মস্তিষ্কত টিএনএফ-আলফা নামে এক প্ৰকাৰ প্ৰটিনৰ মাত্ৰা কমা-বঢ়া হৈ থকাৰ বাবে এই ৰোগ হয় । তেওঁলোকে কয়, ‘প্ৰাথমিক অৱস্থাত এবাৰতে পাঁচৰ পৰা সাতদিন শুইছিল পুৰখাৰামে । লাহে লাহে দিন বাঢ়িবলৈ লয় । এতিয়াটো এবাৰ শুলে ২০ৰ পৰা ২৫ দিন টোপনি ভাঙিব নোৱাৰি ।’
নিদ্ৰাৰ বাবে তেওঁ তেওঁৰ সুলভ মূল্যৰ দোকানখনো সপ্তাহৰ পাঁচ বা ছদিনহে খোলা ৰাখিব পাৰে । বহু সময়ত গ্ৰাহকসকলে আহি দেখে যে পুৰখাৰাম নিদ্ৰামগ্ন হৈ আছে ।
পুৰখাৰামে জনায়, এই বিৰল ৰোগৰ পৰা সুস্থ হ’বৰ বাবে তেওঁ বহু ঔষধো গ্ৰহণ কৰিছে, কিন্তু কোনো ফল লাভ কৰা নাই । শুই উঠাৰ পাছতো গোটেই দিন টোপনি, ভাগৰুৱা আৰু মূৰৰ বিষ অনুভৱ কৰে । চিকিৎসকসকলে কয়, পুৰখাৰামৰ এই ৰোগ অতি বিৰল । মূৰত আঘাত লাগিলে বা অতিতত মূৰত টিউমাৰ হ’লেও দীৰ্ঘ সময়ৰ পাছত এই ৰোগ হ’ব পাৰে । ডাক্তৰে ইয়াক মানসিক ৰোগ হিচাপে ব্যাখ্যা কৰা হৈছে । আৰম্ভণিতে ধৰা পৰিলে চিকিৎসাৰ সহায়ত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি । কিন্তু পুৰখাৰামৰ ক্ষেত্ৰত সুস্থ হোৱাৰ সম্ভাৱনা কিমান সেয়া নিশ্চিত কৰিব পৰা নাই চিকিৎসকলে । তৎস্বত্তেও, স্বামীৰ টোপনি ভঙাৰ সপোন এৰা নাই পত্নী লিচমি দেৱীয়ে ।