মাদক দ্ৰব্য সেৱনৰ অভিযোগত অলিম্পিক দলৰ পৰা নিৰ্বাসিত কৰা হৈছে অষ্ট্ৰেলীয় অশ্বচালকক

টকিঅ’ অলিম্পিকত অষ্ট্ৰেলিয়াৰ অশ্বচালনা দলৰ এজন সদস্যক প্ৰাথমিকভাৱে নিৰ্বাসিত কৰা হৈছে । সেই দলেই বুধবাৰে এই তথ্য জানিবলৈ দিয়ে । মাদক দ্ৰব্য সেৱন কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।

অশ্বচালক জেমি কেৰমেণ্ডৰ পৰা সংগৃহীত নমুনাত মাদক দ্ৰব্য পোৱা গৈছে । ২৬ জুনত তেওঁৰ পৰীক্ষণ কৰা হৈছিল । টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব জেমিয়ে । অৱশ্যে তেওঁ বিচাৰিলে পুনৰ পৰীক্ষণ কৰিব পাৰিব ।

প্ৰথমবাৰ অলিম্পিকত অংশগ্ৰহণ কৰিলে হয় ৩৬ বছৰীয়া জেমিয়ে । অষ্ট্ৰেলিয়াৰ দলৰ তৰফৰ পৰা জনোৱা হৈছে যে, তেওঁক প্ৰাথমিকভাৱে নিৰ্বাসিত কৰা হৈছে । সিদ্ধান্ত গ্ৰহণ কৰি পুনৰ নিৰ্বাচিত কৰিব পাৰে নিৰ্বাচকমণ্ডলীয়ে ।

২৩ জুলাইৰ পৰা আৰম্ভ হ’ব অলিম্পিকৰ মূল প্ৰতিযোগিতা । বুধবাৰৰ পৰা ছফ্টবল, ফুটবলৰ দৰে কে’বাটাও খেল আৰম্ভ হৈছে । অৱশ্যে, গেমছ ভিলেজত বহু লোক কৰ’নাত আক্ৰান্ত হোৱাত চিন্তিত কৰ্তৃপক্ষ ।

Exit mobile version