বিশ্ব কেডেট কুস্তি চেম্পিয়নশ্বিপত সোণ জয় কৰিলে ভাৰতৰ প্ৰিয়া মালিকে । সোণ জয় কৰিছে আন এগৰাকী কুস্তিবীৰ তনু মালিকেও । তেওঁ ৪৩ কিলোগ্ৰাম বিভাগত জয়ী হয় ।
ADVERTISEMENT
বিশ্ব কেডেট ৭৩ কিলোগ্ৰাম বিভাগত খেলিছিল প্ৰিয়াই । ফাইনেলত বেলাৰুছৰ ছেনিয়া পাটাপ’ভিচক ৫-০ পইণ্টত পৰাজিত কৰে ।
২০১৯ত খেল’ ইণ্ডিয়া গেমছত প্ৰিয়াই সোণৰ পদক জয় কৰিছিল । একেটা বৰ্ষতে ১৭তম স্কুল গেমছতো তেওঁ সোণ জয় কৰিছিল । বিশ্ব কেডেটত আন এগৰাকী ভাৰতীয় কুস্তিবীৰ বৰ্ষাই ৬৫ কিলোগ্ৰাম বিভাগত ব্ৰঞ্জ জয় কৰিছে ।