হোৱাটছএপৰ মুৰব্বীৰ বিস্ফোৰক মন্তব্য, পেগাছাছৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছিল বিশ্বৰ কে’বাজনো শীৰ্ষ চৰকাৰী বিষয়াক

istock 1174418677 1 1010332 1626689456 1011476 1627019954

জনপ্ৰিয় মেচেজিং এপ্ হোৱাটছএপৰ মুৰব্বী উইল কেথকাৰ্টে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যে, ইজৰাইলী কোম্পানী এনএছঅ’ই প্ৰস্তুত কৰা স্পাইৱেৰৰ জৰিয়তে বিশ্বৰ কে’বাজনো শীৰ্ষ চৰকাৰী বিষয়াক হোৱাটছএপত নিৰীক্ষণ কৰা হৈছিল ।

চলিত সপ্তাহতে পেগাছাছৰ জৰিয়তে হোৱাটছএপৰ ওপৰত নজৰ ৰখাৰ তথ্য ফাদিল হয় । সংস্থাটোৱে ভুক্তভোগীসকলৰ বিষয়ে নতুন বিৱৰণ প্ৰকাশ কৰিছে। পেগাছাছ হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী নিৰীক্ষণ ছফ্টৱেৰ । যিটো পৃথিৱীৰ একাধিক দেশৰ চৰকাৰৰ দ্বাৰা সমালোচিত হৈছে।

দ্য গাৰ্ডিয়েনৰ স’তে হোৱা এক সাক্ষাৎকাৰত কেথকাৰ্টে কয়, “২০১৯ তে আমি বুজিছিলো যে কিবা সমস্যা হৈছে । কিন্তু এইটো যে পেগাছাছৰ জৰিয়তে হৈছে বুজি পোৱা নাছিলো । কিন্তু আমি সেই সময়তেই সতৰ্ক হৈছিলো ।” অৱশ্যে, স্পাইৱেৰ দাবী কৰে যে ব্যৱসায়িক উদ্দেশ্যৰ বাবে নিৰীক্ষণ কৰা নহয় ।

হোৱাটছএপে তৰফৰ পৰা কোৱা হয় যে, মোবাইল ফোন বা এই এপটো সুৰক্ষিত নহয় বুলি কোৱা তথ্য ‘অতিৰঞ্জিত’। ২০১৯ত বিশ্বব্যাপী ১৪০০জন চৰকাৰী বিষয়াৰ ফোনত নিৰীক্ষণ কৰা হৈছিল বুলি তেওঁ জনায় । উইল কেথকাৰ্টৰ মতে, সাংবাদিকসকলক তত্বাৱধানত ৰখাৰ এই কাৰ্যই মানৱ অধিকাৰৰ ওপৰত প্ৰভাৱ পেলাইছে ।

Exit mobile version