কৰ’না ভাইৰাছৰ নতুন ৰূপৰ সন্ধান পোৱা গৈছে ব্ৰিটেইনত, আক্ৰান্ত ১৬

২৬খন দেশত বিয়পি পৰিছে ভাইৰাছৰ নতুন ৰূপ

UTHTWOPLDVM7NIHZDUPHCJIEZ4

ইতিমধ্যে কৰ’না ভাইৰাছৰ ডেল্টা ৰূপ (ভেৰিয়েণ্ট) সমগ্ৰ বিশ্বতে বিয়পি পৰিছে । তেনে সময়তে ব্ৰিটেইনত আন এক নতুন ৰূপৰ সন্ধান পোৱা গৈছে । বিজ্ঞানৰ পৰিভাষাত যাৰ নাম বি১.৬২১ । ব্ৰিটেইনত এই পৰ্যন্ত ১৬ জন লোক এই ৰূপৰ দ্বাৰা আক্ৰান্ত হৈছে । দেশখনৰ স্বাস্থ্য বিভাগে জনাইছে, সমগ্ৰ বিষয়টো এই পৰ্যন্ত গৱেষণা পৰ্যায়ত আছে । সম্প্ৰতি ক’ভিড বিধি শিথিল হোৱাৰ বাবে আৰু বিমান সেৱাৰ পৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বাবেই সংক্ৰমণ হৈছে বুলি প্ৰাথমিকভাৱে সন্দেহ কৰা হৈছে ।

ব্ৰিটেইনৰ জনস্বাস্থ্য সংস্থাৰ মন্তব্য, এই ৰূপৰ বাবে ৰোগীসকল অধিক অসুস্থ হৈছে বা ৰোগ প্ৰতিৰোধ ক্ষমতা একেবাৰে কমি আহিছে, তেনে কোনো প্ৰমাণ পোৱা নাই ।

ব্ৰিটেইনসহ আমেৰিকা, পৰ্টুগল, ছুইজাৰলেণ্ডত এই ৰূপৰ সন্ধান পোৱা গৈছে । বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে জনাইছে, বিগত জানুৱাৰীত কলম্বিয়াত প্ৰথমে বি১.৬২১ ৰূপৰ সন্ধান পোৱা গৈছিল । তাৰ পাছত এই পৰ্যন্ত বিশ্বৰ ২৬ খন দেশত এই ৰূপ বিয়পি পৰিছে ।

Exit mobile version