২০২৪ত লােকসভাৰ আসন এহেজাৰলৈ বৃদ্ধি

loksabha 1200

শাসক দল বিজেপিয়ে লােকসভাৰ আসনৰ সংখ্যা এহেজাৰলৈ বৃদ্ধিৰ পৰিকল্পনা ৰচিছে। এই দাবী কংগ্ৰেছ সাংসদ মণিষ তিৱাৰীৰ। মঙলবাৰ টুইটাৰত কংগ্ৰেছ নেতাজনে কয় যে সংসদত তেওঁৰ বিজেপি সতীর্থ সাংসদে এই নিৰ্ভৰযােগ্য তথ্য তেওঁৰ স’তে বিনিময় কৰিছে।

বিজেপিয়ে ২০২৪ত এই লক্ষ্য পূৰণৰ সময়সীমা নির্ধাৰণ কৰিছে। এই সিদ্ধান্ত গ্রহণৰ পূর্বে দেশবাসীৰ স’তে মুকলি আলােচনাৰ প্ৰয়ােজন হ’ব বুলি তিৱাৰীয়ে দাবী কৰে। তেওঁ কয় যে যদিহে বিষয়টো সত্য হয়, তেন্তে ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ থাকিব।

কংগ্ৰেছ নেতাজনে কয় যে এই প্রস্তাৱত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ কথা কোৱা হৈছে বুলি জানিব পাৰিছে যদিও সেয়া প্ৰকৃতাৰ্থত কিমান দূৰ সত্য সেই কথা তেওঁ নাজানে।

যদি প্ৰকৃতাৰ্থত এহেজাৰখন আসনৰ ভিতৰত এক তৃতীয়াংশ বা ততােধিক সংখ্যক সংৰক্ষণ কৰা হয় তেন্তে সেয়া নিশ্চয় ভাল পদক্ষেপ হ’ব বুলি উল্লেখ কৰি সাংসদজনে লগতে কংগ্ৰেছ সভানেত্রী ছােনিয়া গান্ধীয়ে বিগত দুটা দশক ধৰি দাবী কৰি অহা ধৰণে লােকসভাৰ ৫৪৩খন আসনৰ ভিতৰত মহিলাৰ সংৰক্ষণ কিয় কৰা হােৱা নাই বুলি এই প্রশ্ন কৰে।

উল্লেখ্য যে দেশৰ প্ৰাক্তন ৰাষ্ট্রপতি প্রয়াত প্ৰণৱ মুখার্জীয়ে ২০১৯ত কৈছিল যে বর্তমানৰ ৫৪৩খন আসনৰ পৰা লােকসভা আসনৰ সংখ্যা এহেজাৰখনলৈ বৃদ্ধি কৰিব লাগে। একেদৰে ৰাজ্যসভা আৰু বিধানসভাসমূহৰাে আসন বৃদ্ধিৰ পােষকতা কৰিছিল প্রয়াত মুখার্জীয়ে।

তেওঁ প্ৰশ্ন কৰিছিল, যদিহে ব্রিটিছৰ ৬৫০জন সাংসদ, কানাডাৰ ৪৪৩জন আৰু মার্কিন যুক্তৰাষ্ট্রৰ ৫৩৫জন সাংসদ থাকিব পাৰে তেন্তে আমাৰ কিয় এহেজাৰখন হ’ব নােৱাৰে?’ তদুপৰি সেই সময়ত মুখার্জীয়ে কৈছিল, ‘১৯৭৭ত আমাৰ জনসংখ্যা আছিল ৫৫ কোটি আৰু মঙলবাৰে হৈছে ১৩০ কোটি।

২০২৬লৈ সংসদ আৰু ৰাজ্যৰ বিধানসভা সমূহত আসন বৃদ্ধিৰ ক্ষেত্ৰত এক নিষেধাজ্ঞা আছে। ২০১১ৰ লােকপিয়ল অনুসৰি প্ৰতিটো লােভা সমষ্টিতে ভােটাৰৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ প্রশ্ন কৰে যে এই বৃহৎ সংখ্যক ভােটাৰৰ স’তে এজন জনপ্রতিনিধিয়ে সংযােগ স্থাপন কৰাটো কিদৰে আশা কৰিব পাৰি।

Exit mobile version