টকিঅ’ অলিম্পিকত আজি চীনৰ বক্সাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব পূজাই

1627707420 pooja li

টকিঅ’ অলিম্পিকত বক্সাৰ পূজা ৰাণীয়ে এটা মেচত জয়ী হ’লেই ভাৰতৰ আৰু এটা পদক নিশ্চিত হ’ব । ইয়াৰ বাবে পূজাই চীনৰ লি কিয়ানৰ স’তে কঠোৰ প্ৰতিদ্বন্দিতা কৰিব লাগিব ।

ৰিয়’ অলিম্পিকত লিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল । তদুপৰি লিয়ে এছিয়ান চেম্পিয়নশ্বিপ (২০১৭, ২০১৯) আৰু বিশ্ব চেম্পিয়নশ্বিপত (২০১৮) সোণৰ পদক জয় কৰিছিল ।

লি বক্সিঙত বিশ্বৰ তিনি নম্বৰ আৰু এইবাৰৰ অলিম্পিকত দুই নম্বৰ স্থানত আছে । ২০১৪ত এছিয়ান গেমছত প্ৰথমবাৰ লক্ষ্যত আহে লি । সেইবাৰেই প্ৰথম পূজাক পৰাজিত কৰিছিল লিয়ে । আজি দুয়োৱে দুয়োৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ।

Exit mobile version