বকো সমষ্টিত অগপৰ পতাকা উৰুৱাবলৈ দৃঢ় সংকল্প অসম যুৱ পৰিষদ

অসমৰ লগতে বকো সমষ্টিৰ আকাশতো অগপ দলৰ পতাকা উৰুৱাবলৈ দৃঢ় সংকল্প লৈছে অগপৰ অসম যুৱ পৰিষদে । যাৰ বাবে দলৰ সাংগঠনিক ক্ষেত্ৰখন শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে ৪৮নং বকো বিধানসভা সমষ্টিৰ অগপৰ কাৰ্যালয়ত উপস্থিত হয় অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই ।

বকো যুৱ পৰিষদৰ সভাপতি কৃষ্ণ কান্ত কলিতাৰ পৌৰহিত্যত অনুস্থিত বকো যুৱ পৰিষদৰ কাৰ্যনিৰ্বাহ সভাত সভাপতিগৰাকীয়ে কয়, বকো সমষ্টিৰ পৰা কংগ্ৰেছক উৎসাত কৰিলেহে সমষ্টিটোৰ উন্নয়ন হ’ব । সমষ্টিটোৰ প্ৰাক্তন অগপ দলৰ বিধায়ক জ্যোতিপ্ৰসাদ দাসে কয়, ‘মই এটা স্থিতিত আছো । শান্তিত আছো । দল বাগৰি নাই থকা।’ অগপ দলটোৰ ভেটি সুদৃঢ় কৰা বাবে অগপ দলৰ ভাতৃ প্ৰতিম অসম যুৱ পৰিষদক আহ্বান জনাই বিধায়কগৰাকীয়ে।
সমষ্টি ।

Exit mobile version