সংসদৰ অচলাৱস্থাত দেশৰ কৰদাতাৰ ১৩৩ কোটি টকাৰ অপচয়

১০৭ ঘণ্টাৰ কৰ্ম সময়ৰ মাত্র ১৮ ঘণ্টাহে কাম হ’ল সংসদত

bill in lok sabha to remove leprosy as a ground for divorce

বিৰােধীৰ অসহযােগৰ ফলত বাধাগ্রস্ত হ’ল সংসদ বর্ষাকালীন অধিবেশন। বাৰে বাৰে সদনত অচলাৱস্থা সৃষ্টি হােৱাৰ পৰিণতিত দেশৰ ৰাজকোষৰ কমেও ১৩৩ কোটি টকাৰ ক্ষতি হ’ল।

কেন্দ্রীয় চৰকাৰৰ এক সূত্রই এইদৰে দাবী কৰি জনােৱা অনুসৰি, সংসদৰ এইবাৰৰ বর্ষাকালীন অধিবেশনত সৰহসংখ্যক সময় বিৰােধীয়ে সংসদ অচল কৰি ৰখাৰ ফলত দেশৰ কৰদাতাৰ কমেও ১৩৩ কোটি টকাৰ অপচয় হ’ল।

মূলতঃ ‘পেগাছাছ কাণ্ড’কলৈ সংসদৰ দুই সদন এইবাৰ যথেষ্ট উত্তপ্ত হৈ পৰে। নৰেন্দ্ৰ মােদীৰ চৰকাৰ আৰু বিৰােধীৰ মাজত এই বিষয়ক লৈ বাৰে বাৰে প্ৰচণ্ড তর্ক-বিতর্ক সৃষ্টি হয় আৰু পৰিণতিত অচল হৈ পৰে বর্ষাকালীন অধিবেশন।

চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি, লােকসভাৰ বর্ষাকালীন অধিবেশনত কামৰ সময় নির্ধাৰণ কৰা হৈছিল ৫৪ ঘণ্টা; কিন্তু লােকসভাত মাত্র সাত ঘণ্টাহে সুচাৰুৰূপে কাম-কাজ সম্পন্ন হ’ল। আনহাতে, ৰাজ্যসভাত কর্ম সময় নির্ধাৰণ কৰা হৈছিল ৫৩ ঘণ্টা।

সংসদৰ উচ্চ সদনত বর্ষাকালীন অধিবেশনত মাত্র ১১ ঘণ্টাহে।সুচাৰুৰূপে কর্ম সম্পাদন হ’ল। মুঠ ১০৭ ঘণ্টাৰ ভিতৰত সংসদৰ এইবাৰৰ অধিবেশনত উভয় সদনত সুচাৰুৰূপে মাত্র ১৮ ঘণ্টাহে কাম-কাজ হৈছিল। অর্থাৎ নির্ধাৰিত ১০৭ ঘণ্টাৰ ৮৯ ঘণ্টা শাসক-বিৰােধীৰ অসহযােগিতা, তর্কাতর্কিৰ পৰিণতিত অপচয় হ’ল।

ফলত দেশৰ কৰদাতাৰ ১৩৩ কোটি টকাৰ ক্ষতি হ’ল। কিছুদিন পূর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে সংসদ সুচাৰুৰূপে পৰিচালিত হােৱাৰ ক্ষেত্ৰত কংগ্ৰেছ বাধাদান কৰাৰ অভিযােগ উত্থাপন কৰিছিল। প্রধানমন্ত্রীয়ে অভিযােগ কৰিছিল যে কংগ্ৰেছে ইচ্ছাকৃতভাৱে সংসদত অচলাৱস্থা সৃষ্টি কৰিছে।

কংগ্ৰেছ তথা আন বিৰােধীৰ এনে স্থিতিৰ ফলত সংসদত যিসমূহ বিষয় আলােচনা কৰাৰ প্ৰয়ােজন আছিল, সেই বিষয়সমূহ বর্ষাকালীন অধিবেশনত উত্থাপন কৰাটো সম্ভৱ নহ’ল বুলিও মােদীয়ে আক্ষেপ কৰিছিল। পেগাছাছ, কৃষি আইনসহ একাধিক বিষয়ত সংসদত বিৰােধীৰ ধাৰাবাহিক আক্ৰমণৰ সন্মুখীন হৈছিল মােদী চৰকাৰ।

এইসমূহ বিষয়ত চৰকাৰক জবাবদিহি কৰি বিৰােধীয়ে বর্ষাকালীন অধিবেশনত উগ্ৰ ৰূপ ধাৰণ কৰিছিল। এনে পৰিস্থিতিত আর্থিক ক্ষতিৰ বিষয়টো উপস্থাপন কৰি চৰকাৰে বিৰােধীক উভতি ধৰিলে। অৱশ্যে ভাৰতত সংসদৰ অচলাৱস্থা কোনাে নতুন ঘটনা নহয়। সংসদৰ প্ৰায়বােৰ অধিবেশনতে দেশবাসীয়ে অচলাৱস্থা প্রত্যক্ষ কৰি আহিছে।

সংসদৰ প্রতি অধিবেশনৰ বাবদ ৰাজকোষৰ কে’বাশ কোটি টকা ব্যয় হৈ আহিছে। অধিবেশন চলি থকা দিনকেইটাত সাংসদসকলেও বিভিন্ন অতিৰিক্ত সা-সুবিধা ভােগ কৰি আহিছে। সংসদ অধিবেশন অচল হ’লে ৰাজকোষে কৰা এই বৃহৎ ব্যয় অপচয় হয়। এইবাৰাে সংসদৰ ৮৯ ঘণ্টা কর্ম সময় নষ্ট হােৱাৰ ফলত দেশৰ ৰাজকোষে কদাতাৰ ১৩৩ কোটি টকা অপচয় কৰিব লগা হ’ল।

Exit mobile version