গোসাইগাঁৱত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত নিহত হোৱা বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি

WhatsApp Image 2021 08 03 at 7.16.21 PM

ৰাষ্ট্ৰীয় জনকল‍্যাণ পৰিষদৰ বিটিআৰ ক্ষেত্ৰীয় কমিটিৰ উদ‍্যাগত অসম-মিজোৰাম সীমান্ত লাইলাপুৰত সংঘৰ্ষত নিহত হোৱা অসমৰ বীৰ শ্বহীদ জোৱানলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশ, মাটি, ভেটি , সুৰক্ষাৰ স্বাৰ্থত প্ৰান আহুতি দিয়া এইসকল বীৰ শ্বহীদৰ আত্মাই চিৰশান্তি লাভ কৰাৰ কামনাৰে ভগবানৰ ওচৰত প্ৰাথনা জনায়।

বিটিআৰ জনকল‍্যাণ কমিটিৰ সভাপতি সঞ্জীৱ কুমাৰ সাহাই কয় যে অসম-মিজোৰাম লাইলাপুৰত ঘটনাটোৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শোকসন্তপ্তসমূহ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত বিটিআৰ জনকল‍্যাণ কমিটিৰ সাধাৰণ-সম্পাদক গৌতম দত্ত,ৰঞ্জিত মহাতো, সহ-সম্পাদক শীতল আৰ্য‍্য, উপ-সভাপতি ৰাজীব বিশ্বাস, আশীষ সৰকাৰ, নাৰায়ণ সাহা আৰু সদস্যসকল উপস্থিত থাকে।

Exit mobile version