বিপিএফ-ইউপিপিএলৰ ভূমি বেদখল কেন্দ্ৰিক বিবাদ চিৰাঙৰ ৰুনিখাতাত

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা বজাৰত ভূমি বেদখল কৰাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

বিপিএফ দলে নিজৰ ভূমি বুলি দাবী কৰি আঁৰি দিয়া ছাইনবোৰ্ড, ৰাজহুৱা সম্পত্তি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰি বলপূৰ্বক আঁতৰাই দিলে ইউপিপিএল দলৰ সমৰ্থকসকলে ।

এই ঘটনাক কেন্দ্ৰ কৰি ৰুণীখাতা এলেকাত চেপা উত্তেজনা বিৰাজ কৰিছে ।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা বজাৰত দীৰ্ঘদিনৰ পৰা পৰিত্যক্ত হৈ থকা বিএচএনএলৰ অফিচ চৌহদত কালি নিশা বিপিএফ দলৰ চিৰাং দুৱাৰ ব্লক কাৰ্য্যালয়ৰ চাইনবোৰ্ড আঁৰি দিয়ে ।

আজি পুৱাৰ ভাগত ইউপিপিএল দলৰ শতাধিক সমৰ্থক তথা ৰাইজ বিপিএফ দলৰ একাংশ নেতা কৰ্মীয়ে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি ওলাই আহে ।

ৰাজহুৱা সম্পতি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰি ক্ষুদ্ধ ৰাইজে আৰক্ষীৰ সন্মুখতে প্ৰবেশদ্বাৰৰ তলা ভাঙি প্ৰবেশ কৰি বিপিএফ দলৰ চাইনবোৰ্ড আঁতৰাই দি নতুনকৈ আঁৰি দিয়ে ৰুণীখাতা পোষ্ট অফিচৰ ব্যানাৰ ।

আজিৰ এই সমগ্ৰ ঘটনাক বিপিএফ দলৰ পৰা এক সংবাদমেলৰ আয়োজন কৰি কয়, ‘যিটো ভূমি লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া আমি বেদখল কৰা নাই বৰঞ্চ ৰাইজৰ নাম লৈ আজি বিটিচিৰ শাসকীয় ইউপিপিএল দলে এবছুৰ সহযোগত আমাৰ ভূমি বেদখল কৰিছে ।’ কাৰণ এই ভূমিডোখৰ ২০১৯তে তদানীন্তন বিটিচি চৰকাৰে চিৰাং দুৱাৰ ব্ল’ক বিপিএফ দলৰ কাৰ্য্যালয়ৰ বাবে আবন্টন দিছিলে বুলি প্ৰকাশ কৰে । সেই বিতৰ্কিত ভূমি ডোখৰ বিপিএফ দলৰ বুলি দাবী কৰি তাৰ বৈধ নথিপত্ৰ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে । আগত সময়ত ইউপিপিএল দলে যদি এই বেদখল মুক্ত নকৰে তেনেহ’লে বাধ্য হৈ আইনৰ দাৰস্থ হ’ব বুলি সকিয়নি প্ৰদান কৰে ।

ইপিনে ৰাতিপুৱাৰ ভাগত ইউপিপিএল দলৰ যি গৰাকী নেতাই বিপিএফ দলে ৰাজহুৱা সম্পতি বেদখল কৰা বুলি সংবাদ মাধ্যমৰ অভিযোগ উত্থাপন কৰি বেদখল মুক্ত কৰিছিল, পৰৱৰ্তী সময়ত বিপিএফ দলৰ সংবাদ মেলৰ অন্তত তেখেতক পুণৰ প্ৰশ্ন কৰা হয় আপোনালোকে অভিযোগ উত্থাপন কৰিছে যে ভূমি বিপিএফ দলে অবৈধ ভাৱে বেদখল কৰিছে কিন্তু বিপিএফ দলৰ পৰা সংবাদ মেলত উক্ত ভূমি ঠোখৰ বৈধ নথিপত্ৰ প্ৰদৰ্শন কৰিছে এই সন্দৰ্ভত এতিয়া আপোনাৰ মন্তব্য কি প্ৰশ্ন কৰাত কয় যে
উক্ত চৰকাৰী ভূমিডোখৰত ২০০৫ত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা BSNL টাৱাৰ স্থাপনৰ বাবে অনুমতি প্ৰদান কৰিছিল পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত BSNL কৰ্তৃপক্ষই সকলো সা-সামগ্ৰী খুলি লৈ গুচি যায় যদিও ভূমিডোখৰ তেনেকৈ পৰি আছিল । কিন্তু তদানীন্তন বিটিচিৰ শাসকীয় দল হিচাপে বিপিএফে ক্ষমতাৰ অপব্যৱহাৰ কৰি এই ৰাজহুৱা ভূমি তেওঁলোকৰ নামত আবন্টিত কৰি লৈছে । কিন্তু চিদলী ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ মেপত বিপিএফ দলৰ নামত আবন্টিত হোৱাৰ কোনো তথ্য নাই বুলি দাবী কৰে ।

মুঠতে চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা বজাৰত এডোখৰ ভূমিক কেন্দ্ৰ কৰি বিপিএফ আৰু ইউপিপিএল দল সন্মুখ সমৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ।

দুয়ো পক্ষই ইতিমধ্যে ৰুণীখাতা থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে ।

Exit mobile version