চলিত মাহতে চিত্রগৃহত মুক্তি লাভ কৰিব ‘বেল বটম’-এ

jpg

কৰ’না সংক্রমণৰ ফলত দীর্ঘদিন ধৰি বলিউডত কোনাে ছবিয়ে মুক্তি লাভ কৰা নাই। অক্ষয় কুমাৰ অভিনীত ‘বেল বটম’ নামৰ ছবিখনাে কৰ’নাৰ পৰিস্থিতিত মুক্তি দিব পৰা নাই।

কিন্তু অৱশেষত অহা ১৯ আগষ্টত দেশৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব এইখন ছবিয়ে। যােৱা শতিকাৰ ৮০ৰ দশকৰ প্ৰেক্ষাপটত নির্মিত ‘বেল বটম’ পৰিচালনা কৰিছে ৰঞ্জিত এম তিৱাৰীয়ে। ছবিখনত অক্ষয়ৰ লগতে বাণী কপুৰেও অভিনয় কৰিছে।

ইতিমধ্যে ছবিখনৰ ট্রেইলাৰে মুক্তি লাভ কৰিছে। একচন ছবিখনত অক্ষয়ে চোৰাংচোৱা সংস্থা ‘ৰ’ৰ এজেণ্টৰ ভূমিকাত অভিনয় কৰিছে।

Exit mobile version