ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত গোসাঁইগাঁৱৰ ছিংৰীঝৰাত উত্তাল প্ৰতিবাদ প্ৰাক্তন এনডিএফবি কেডাৰৰ

আগন্তক ১৫ আগষ্টৰ ভিতৰত মুক্তিৰ দাবী অন্যথা ভয়ংকৰ পৰিস্থিতি হুংকাৰ

Screenshot 86

এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীসহ আৰু একাধিক নেতাৰ মুক্তিৰ দাবী আৰু প্ৰাক্তন এনডিএফবিৰ সমস্যা সমাধানৰ দাবীত আজি প্ৰাক্তন এনডিএফবি কেডাৰসকলে তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে ।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ চৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত অতি ভিতৰুৱা ঠাই ছিংৰীঝৰা গাঁৱত প্ৰায় দুই শতাধিক প্ৰাক্তন এনডিএফবি কেডাৰে হাতে-হাতে প্লেকাৰ্ড লৈ এনডিএফবি লং লিভ, ৰঞ্জন দৈমাৰীক মুক্তি দিয়ক, বিটিআৰ চুক্তি আখৰে আখৰে কাৰ্যকৰী কৰক, এনডিএফবি কেডাৰসকলৰ পুনৰ সংস্থাপন দিয়ক আদি বিভিন্ন শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰঞ্জন দৈমাৰীকে আদি কৰি যিবোৰ এনডিএফবি নেতা আজিও কাৰাগাৰত থাকিবলগীয়া হৈছে সকলোৰে মুক্তিৰ দাবী জনোৱাৰ লগতে প্ৰাক্তন এনডিএফবিসকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যাতে চৰকাৰে অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে দাবী জনায়।

আনহাতে ২২ জুলাইত ৰঞ্জন দৈমাৰীক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গোপনে কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ ১০ নং বেটেলিয়নৰ ছাউনিত আনি কিয় ৰখা হৈছে বুলি প্ৰশ্ন কৰি প্ৰাক্তন এনডিএফবি কেডাৰসকলে এয়া চৰকাৰৰ এক কূটীল ষড়যন্ত্ৰ বুলি অভিযোগ কৰে । এনডিএফবিৰ লগত শান্তি চুক্তি তথা বিটিআৰ চুক্তি সম্পন্ন হোৱাৰ পাছত ৰঞ্জন দৈমাৰী, বি বিদাই, জৰ্জ বড়োকে ধৰি আন একাধিক এনডিএফবিক কাৰাগাৰত বন্দী কৰি ৰখাৰ কি যুক্তি আছে বুলিও প্ৰশ্ন কৰে ।

চৰকাৰৰ এই মানসিকতাৰে কেনেদৰে প্ৰকৃত শান্তি আহিব বুলিও প্ৰশ্ন কৰে প্ৰতিবাদকাৰী প্ৰাক্তন আৰু যুদ্ধবিৰত এনডিএফবি কেডাৰসকলে । ৰঞ্জন দৈমাৰীক কাৰাগাৰত আটক কৰি ৰাখিলে বড়োলেণ্ড অঞ্চলত কেতিয়াও প্ৰকৃত শান্তি ঘূৰি নাহিব । বিনা চৰ্তে কাৰাগাৰত বন্দী ৰঞ্জন দৈমাৰীসহ আন এনডিএফবিৰ আন শীৰ্ষ নেতাসকলক শীঘ্ৰে (১৫ আগষ্টৰ পূৰ্বে) মুক্তি দিব লাগিব নহ’লে আগন্তক ১৫ আগষ্টৰ পিছত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি আজি আন্দোলনৰত এনডিএফবি কেডাৰসকলে সঁকিয়নী দিয়ে ।

Exit mobile version