স্বামী ৰণবীৰতকৈ অধিক পাৰিশ্রমিক দাবী কৰা দীপিকাক ছবিৰ পৰা বাঞ্চালীয়ে দিলে বাদ

deepika padukone ranveer singh gettyimages 1072341524

বলিউডৰ আগশাৰীৰ পৰিচালক সঞ্জয় লীলা বাঞ্চালীয়ে এখন নতুন ছবি নির্মাণৰ প্রস্তুতি চলাইছে। ‘বাইজু বাউৰা’ নামৰ এই ছবিত বাঞ্চালীয়ে অভিনেতা ৰণবীৰ সিং আৰু তেওঁৰ পত্নী অভিনেত্রী দীপিকা পাডুকনক চুক্তিবদ্ধ কৰাব বিচাৰিছিল।

কিন্তু প্রকাশিত বাতৰি অনুসৰি, উক্ত ছবিৰ পৰা বাঞ্চালীয়ে দীপিকাক বাদ দিলে। পৰিচালকজনে অভিনেত্রীগৰাকীক ছবিখনৰ পৰা বাদ দিয়াৰ কাৰণ হৈছে দীপিকাই স্বামী ৰণৰীৰৰ সমান পাৰিশ্ৰমিক দাবী কৰিছে।

উল্লেখ্য যে ‘গােলিও কি ৰাসলীলা ৰামলীলা’ নামৰ ছবিখনত বাঞ্চালীৰ পৰিচালনাত প্ৰথমবাৰ দীপিকাই অভিনয় কৰিছিল। ইয়াৰ পাছত বাঞ্চালীয়ে ‘বাজিৰাও মস্তানী’, ‘পদ্মাবত’ ছবিত দীপিকা-ৰণৰীৰক অভিনয়ৰ সুযােগ দিছিল। এইবাৰাে নতুন ছবিত বাঞ্চালীয়ে ৰণবীৰৰ স’তে দীপিকাক চুক্তিবদ্ধ কৰিব বিচাৰিছিল যদিও দীপিকাই স্বামীৰ সমানে পাৰিশ্রমিক দাবী কৰাত পৰিচালকজনে এই প্রস্তাৱ অস্বীকাৰ কৰে।

Exit mobile version