বাগসাৰ শালবাৰীৰ খাৰিজা বিজনীত আজি কে’বাটাও গোৰ্খা সংগঠনে যৌথভাৱে এক সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদ মেলত গোৰ্খাসকলৰ দীৰ্ঘদিনীয়া ডি ভোটাৰ সমস্যা সমাধানক লৈ কৃতজ্ঞতা প্ৰকাশ কৰে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰক ৷
কিছদিন পূৰ্বে অসম চৰকাৰৰ কেবিনেটে “ডি ভোটাৰ” সমস্যাৰ পৰা মুক্ত ঘোষণা কৰিছিল গোৰ্খা সম্প্ৰদায়ক৷ যাৰ বাবে আনন্দিত হৈ পৰে দীৰ্ঘদিন ধৰি এই সমস্যাত ভূগি থকা গোৰ্খা সম্প্ৰদায়ৰ লোকসকল ৷
এই ঘোষণাৰ পাছতেই বৰ্তমানৰ চৰকাৰক অসম গোৰ্খা সন্মিলন, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নেপালী সাহিত্য সভা, খাৰিজা বিজনী গোৰ্খা কল্যাণ সমিতি আদি গোৰ্খা সংগঠনে সংবাদ মেলযোগে কৃতজ্ঞতা জ্ঞাপন কৰি সন্তোষ প্ৰকাশ কৰে ৷
সংবাদমেলত অসম গোৰ্খা সন্মিলনৰ বাৰাপেটা শাখাৰ কাৰ্যকৰী সভাপতি নৰবাহাদুৰ ছেত্ৰী, সম্পাদক সন্তোষ ছেত্ৰী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মানাহ আঞ্চলিকৰ সভাপতি হেমন্ত ছিয়াকুটি, সম্পাদক নাৰায়ন ঘিমিৰে,নেপালী সাহিত্য সভাৰ মানাহ আঞ্চলিক সমিতিৰ উপদেষ্টা গোবিন্দ পৰাজুলি, খাৰিজা বিজনী গোৰ্খা কল্যাণ সমিতিৰ সভাপতি ছবিলাল নেৱাৰ আদি উপস্থিত থাকে ৷