‘আমাৰ দেহাটো ভালে থাকিব হ’লে প্ৰতিটো সিৰা উপসিৰা অৰ্থাৎ দেহৰ পথসমূহ সুচল থাকিব লাগিব তেতিয়াহে আমাৰ দেহা মন ভালে থাকিব একেদৰে আমাৰ সকলো এলেকাৰ পথসমূহ পকী হ’লেহে আমাৰ সৰ্বাংগীন উন্নয়ন হ’ব ।’ এই মন্তব্য বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ ।
বৰপেটা আৰু বজালী জিলাৰ গ্ৰামাঞ্চলৰ ভিতৰুৱা অঞ্চলৰ সকলো পথ দলং উন্নয়ন কৰি এই অঞ্চলবোৰৰ আন্তঃগাথঁনিৰ উন্নয়ন কৰাৰ উদ্দেশ্যে ৰাজ্যৰ গড়কাপ্তানী বিভাগে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এনে উদ্দেশ্য আগত ৰাখি স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি ভবানীপূৰৰ গড়কাপ্তানী বিভাগৰ ডাক বঙলাৰ চৌহদত আনুষ্ঠিত হয় এক পৰ্যালোচনা সভাৰ ।
বৰপেটা আৰু বজালী জিলাৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কাৰ্যবাহী অভিযন্তা ভাৰত দাসে । বৰপেটাৰ অধীক্ষক অভিযন্তা অতুল বৈশ্যই আত ধৰা অনুষ্ঠানত বৰপেটা আৰু বজালী জিলা প্ৰশাসনৰ প্ৰায়বোৰ বিষয়া আৰু গড়কাপ্তানী বিভাগৰ প্ৰায়বোৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে। পাটাছাৰকুছি ভবানীপূৰ সৰুক্ষেত্ৰী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত ভবানীপূৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত এই পৰ্যালোচনা সভাৰ অন্তত জিলা সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জিলা উপায়ুক্তই বজালীত পুনৰ দ্ৰুতগতিত বৃদ্ধি পোৱা কৰ’নাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় ।
অনুষ্ঠানত বন আৰু পৰিৱেশ বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ আনন্দ খাটনিয়াৰ, ৰোহিনী শৰ্মা, পাঠশালাৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পৰেশ হালৈ সহকাৰী কাৰ্যবাহী অভিযন্তা কৌশিক শৰ্মা, ইমামুল আহমেদ, বিজু দাস, নিতুল দাস, ভাস্কৰ দাস আদি উপস্থিত থাকে ।