সংবাদমেলৰ জৰিয়তে অতিশীঘ্ৰে ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানক মন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবী জাতীয় পৰিষদৰ ।
কিছুদিন ধৰি মন্ত্ৰী সঞ্জয় কিষানৰ বিৰুদ্ধে বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ থকাৰ পাছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে জাতীয় পৰিষদে ।
কিছুদিনৰ পূৰ্বে ৰাজীৱ মাঝি নামৰ এগৰাকী যুৱকে মন্ত্ৰী সঞ্জয় কিষানৰ বিৰুদ্ধে পৰিয়ালৰ লোকক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল ।
ইফালে শেহতীয়াকৈ বিগত কাৰ্যকালত মন্ত্ৰী গৰাকীৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত বনী চাহানী নামৰ এগৰাকী যুৱকেও মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে কে’বাটাও বিষ্ফোৰক অভিযোগ ।
বনী চাহানীৰ অভিযোগ অনুসৰি মন্ত্ৰী সঞ্জয় কিষানে তিনিচুকীয়াত নিৰ্মিয়মান অৱস্থাত থকা চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণত জৰিত ঠিকা প্ৰতিষ্ঠানৰ পৰা বনী চাহানীৰ বেংক একাউন্টৰ জৰিয়তে ১০ লাখ টকা কমিচন লৈছিল মন্ত্ৰীগৰাকীয়ে ।
মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এনে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হোৱাৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় পৰিষদে ।