কলগাছিয়াত স্বাধীনতা দিৱস উপলক্ষে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা, ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰাৰ বাবে দৰ্জীৰ দোকানত গ্ৰাহকৰ ভিৰ

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী । এনে অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে অসম আৰক্ষীয়ে ।

বৰপেটা জিলাৰ কলগাছিয়াতো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা দেখা গৈছে। কোনো দুস্কৃতিকাৰীয়ে যাতে স্বাধীনতা দিৱসৰ কোনো কাৰ্যসূচীতে ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে কলগাছিয়া আৰক্ষীয়ে দিনে ৰাতিয়ে বাট পথত চলাই আছে তালাচী।

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ আৰক্ষীয়ে বামুনটাৰী ,বালাগাঁও ,বালিকুৰি, লেংটিছিঙা সংযোগী বিকল্প ৰাজ্যিক ঘাইপথত কে’বাদিনৰ পৰা অহা যোৱা কৰা প্ৰতিটো যান বাহনত তালাচী চলাই আছে। নাকা চেকিং চলাই থকাও দেখা গৈছে।

ইপিনে প্ৰায় ৩০ বছৰৰ পৰা কলগাছিয়াৰ পিয়াৰ আলী নামৰ এগৰাকী দৰূজীয়ে নিজে চিলোৱা তিনিবৰণীয়া জাতীয় পতাকা অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰীৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সমগ্ৰ অঞ্চলতে অতি কম মূল্যত যোগান ধৰাৰ লগতে পিয়াৰ আলীয়ে বিগত ৩০ টা বছৰে স্বাধীনতা দিৱসৰ আগজাননী দি আহিছে।

Exit mobile version