দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস : নলবাৰীত মন্ত্ৰী পীযুষ হাজৰীকাৰ পতাকা উত্তোলন

WhatsApp Image 2021 08 16 at 4.36.42 PM

উন্নত অসম, জাগ্ৰত অসম আৰু সৰ্বাংগসুন্দৰ অসমৰ বাবে চৰকাৰে অহৰহ কাম কৰিব : মন্ত্ৰী হাজৰীকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । মন্ত্ৰীগৰাকীয়ে পুৱা ৮:৪৫ বজাত নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি জিলাখনত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে ।

ইয়াৰ পাছতে মন্ত্ৰী হাজৰীকাই নলবাৰী আৰক্ষী চাউনিৰ বাকৰিত উপস্থিত হৈ জিলা আৰক্ষীৰ কুচ-কাৱাজ দলৰ অভিবাদন গ্ৰহণ কৰি পুৱা ন বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত দিয়া ভাষণৰ আৰম্ভণিতে মন্ত্ৰী হাজৰীকাই দেশৰ মহান মুক্তিসেনানীসকলৰ ত্যাগৰ কথা সোঁৱৰণ কৰে । সমসাময়িক সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে বিশ্বগুৰুৰ আসনত অধিস্থিত হ’বলৈ উদ্যত হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ভাৰত স্বাধীন হোৱাৰ সময়ত অসমৰ স্থান দেশৰ শীৰ্ষ চাৰিখন উন্নত ৰাজ্যৰ ভিতৰত আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত অসমে পূৰ্বৰ গৰিমা হেৰুৱাই দেশৰ অনুন্নত ৰাজ্যবোৰৰ এখনত পৰিগণিত হৈছে ।

এনে সময়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যখনক দেশৰ অন্যতম শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ বজ্ৰকঠীন সংকল্প লোৱা বুলি প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, মুখ্যমন্ত্ৰীৰ এনে সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ দুৰ্নীতিৰ বিৰুদ্ধে সকলোয়ে সংগ্ৰাম কৰিব লাগিব । উন্নয়নৰ বাবে অহৰহ সংগ্ৰাম কৰিব লাগিব, যি কাম চৰকাৰে ইতিমধ্যেই আৰম্ভ কৰিছে আৰু এই ক্ষেত্ৰত দিনে-ৰাতিয়ে কামত অগ্ৰসৰ হৈছে । অসমক দেশৰ উন্নত পাঁচখন ৰাজ্যলৈকে পৰ্যবসিত কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বিগত ১০ মে’ত শপত গ্ৰহণ কৰাৰ দিন ধৰি নিতৌ অনেক জনকল্যাণমূলক সিদ্ধান্ত গ্ৰহণ কৰি স্বাস্থ্য, শিক্ষা, লোকনিৰ্মাণ, ক্ৰীড়া, সুৰক্ষা আদিকে ধৰি প্ৰায় প্ৰতিটো শিতানতে নতুন ৰূপেৰে কাম কৰিবলৈ আৰম্ভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ অসম চৰকাৰে অসমীয়া ৰাইজৰ অন্যায় হ’ব পৰা, অসমীয়া জনসাধাৰণৰ অন্যায় হ’ব পৰা আৰু অসমৰ খিলঞ্জীয়া ৰাইজৰ অন্যায় হ’ব পৰা কোনো কাম নকৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰে সকলো সময়তে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাজ্যখনৰ সকলো বিভাগৰ উন্নয়নৰ বাবে চৰকাৰে কাম কৰিব বুলি প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই কয়, “এখন উন্নত অসম, জাগ্ৰত অসম আৰু সৰ্বাংগসুন্দৰ অসমৰ বাবে চৰকাৰে অহৰহ কাম কৰিব আৰু ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত বহুৱাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যি সপোন সেয়া বাস্তৱ ৰূপ দিবলৈ অসমে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব ।”

পাছত মন্ত্ৰী হাজৰীকাই বিধায়ক তথা মাননীয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা জিলা প্ৰশাসনৰ আন বিষয়াসকলৰ লগত নলবাৰী জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ মাজত ফল-মূল বিতৰণ কৰে আৰু কয়দীসকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়তো মন্ত্ৰীগৰাকীয়ে ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে ।

মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনে আয়োজন কৰা স্বাধীনতা দিৱসৰ অংশস্বৰূপে ক’ভিডৰ বিৰুদ্ধে যুঁজাৰু অক্লান্ত সেনানী ডা: ৰমেশ ভট্টাচাৰ্য আৰু নাৰ্ছ অনিতা দেৱীক তেঁওলোকৰ নিজা বাসগৃহত সাক্ষাৎ কৰি সম্বৰ্ধণা জ্ঞাপন কৰে ।

Exit mobile version