বিতৰ্কত বব ডিলান। নাম প্ৰকাশত অনিচ্ছুক এগৰাকী মহিলাই আমেৰিকান গায়িকাগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিছে। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে ববে ১৯৬৫ চনত ড্ৰাগিং আৰু সুৰা পান কৰি তেওঁক নিৰ্যাতন চলাইছিল ।সেই সময়ত মহিলাগৰাকীৰ বয়স আছিল ১২ বছৰ ।
বব ডিলানৰ মুখপাত্ৰই জনাইছিল, গায়কগৰাকীৰ বিৰুদ্ধে কৰা অভিযোগ মিছা আৰু ইয়াৰ প্ৰমাণ কৰা হ’ব আদালতত । আনহাতে, মহিলাগৰাকীয়ে আদালতক জনাই যে ববে তেওঁৰ নিউয়ৰ্কৰ বাসগৃহত ছয় সপ্তাহ ধৰি তেওঁক যৌন নিৰ্যাতন কৰিছিল।
এই অভিজ্ঞতাৰ পাছত মহিলাগৰাকী শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল। তেওঁ এইটোও অভিযোগ কৰিছিল যে ববে ড্ৰাগছ সংগ্ৰহ কৰিবলৈ তেওঁৰ খ্যাতি ব্যৱহাৰ কৰিছিল।
বব ডিলানে তেওঁৰ কলাৰ বাবে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে। তেওঁ ২০১৬ চনত সাহিত্যৰ নবেল বঁটাও লাভ কৰিছিল। তেওঁৰ ‘লাইক এ ৰোলিং ষ্টোন’, ‘ব্লোয়িং ইন দ্য উইণ্ড’ এতিয়াও মানুহৰ মুখে মুখে। এনে এজন শিল্পীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগত বহুতে হতবাক হৈছে।