তালিবানলৈ মুকলি সহযোগিতাৰ বাৰ্তা দিলে ৰঙা চীনে

https d1e00ek4ebabms.cloudfront.net production e3671ba1 225d 4cb6 bb29 1605507ff2fc

আফগানিস্তানৰ ভূমিৰ পৰা আমেৰিকা আঁতৰি যোৱাৰ লগে লগে তালিবানৰ স’তে সহযোগিতাৰ বাবে আগ্ৰহী হৈছে চীন । খৰখেদাকৈ সেনা প্ৰত্যাহাৰ কৰা আমেৰিকাই আফগানিস্তানত ভয়াৱহ বিশৃংখলতা এৰি থৈ যোৱা বুলি চীনে অভিযোগ কৰিছে । বিগত ২০ বছৰে মাৰ্কিন নেতৃত্বাধীন সামৰিক অভিযান তথা হস্তক্ষেপৰ পাছত খৰখেদাকৈ আঁতৰি যোৱাৰ বাবে বিশ্বৰ দ্বাৰা সমালোচিত হোৱাৰ পাছত যোৱা ৰাষ্ট্ৰপতি জ’ বাইডেনে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিয়ে । আত্মপক্ষ সমৰ্থন কৰি বাইডেনে আফগান বাহিনীক দোষাৰোপ কৰি কয় যে তেওঁলোকে তালিবানৰে যুঁজৰ বাবে ইচ্ছুক নাছিল ।

অৱশ্যে আমেৰিকাৰ এই ভাষ্য মানি লোৱা নাই চীনে । প্ৰত্যুত্তৰত চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ হুৱা চুনীয়াঙে কয় যে ৱাশ্বিংটনে আফগানিস্তানত ‘অস্থিৰতা, বিভাজন আৰু ভংগুৰ পৰিয়লৰ এক ভয়ংকৰ বিশৃংখলতা’ এৰি থৈ গৈছে । নিয়মীয়া সংবাদমেলত বৈদেশিক মন্ত্ৰণালয়ৰ মহিলা বিষয়াগৰাকীয়ে কয়, ‘আমেৰিকাৰ শক্তি আৰু ভূমিকা হৈছে ধ্বংসাত্মক, গঠনমূলক নহয় ।’

উল্লেখ্য যে আফগানিস্তানৰ স’তে চীনৰ ৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে । বিগত ২৫ বছৰত তালিবান সন্দৰ্ভত চীনৰ স্থিতি সলনি হৈছে । ১৯৯৬ত যেতিয়া তালিবানে আফগানিস্তান দখল কৰিছিল তেতিয়া তালিবান চৰকাৰক চীনে স্বীকৃতি দিয়া নাছিল । অথচ এইবাৰ দ্বিতীয়বাৰৰ বাবে আফগানিস্তানত তালিবানৰ শাসন প্ৰতিষ্ঠা কৰাৰ পাছত প্ৰথমতেই স্বীকৃতি দিয়া ৰাষ্ট্ৰখন হৈছে চীন ।

চীনৰ এই স্থিতি সলনিৰ কাৰণ হিচাপে তিনিটা বিষয় চৰ্চিত হৈছে । ১৯৯৬ত বিশ্বৰ শক্তিধৰ দেশৰ ভিতৰত চীনে স্থান দখল কৰিব পৰা নাছিল । সম্প্ৰতি আমেৰিকাৰ পাছতে বিশ্বৰ দ্বিতীয়খন শক্তিশালী দেশৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চীন সক্ষম হৈছে । এই সময়ত তালিবান চৰকাৰক চীনৰ সমৰ্থনৰ প্ৰেক্ষাপট ভিন্ন বুলি কোৱা হৈছে । সম্প্ৰতি অৰ্থনৈতিক দিশৰ পৰাও অন্যতম শক্তিশালী দেশৰূপে চীন পৰিগণিত হৈছে ।

এই মুহূৰ্তত চীনৰ অৰ্থনীতি ১৪ লাখ ৭০ হেজাৰ কোটি ডলাৰ, ১৯৯৬ৰ তুলনাত ১৭ গুণ অধিক । সম্প্ৰতি চীনে এছিয়া মহাদেশৰ বৃহৎ অঞ্চলত ব্যৱসায়ৰ সম্প্ৰসাৰণ বিচাৰিছে । আফগানিস্তানত ইমানদিনে চীনে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল । অথচ আফগানিস্তানৰ দখলৰ পূৰ্বে তালিবান নেতাসকলে চীনলৈ গৈ বৈদেশিক মন্ত্ৰী ৱাং ইক সাক্ষাৎ কৰে ।

সূত্ৰত প্ৰকাশ যে চুবুৰীয়া আফগানিস্তানে চীনৰ স্পৰ্শকাতৰ সীমান্ত অঞ্চলৰ জিনজিয়াং প্ৰদেশৰ বিচ্ছিন্নতাবাদী সংখ্যালঘু উইঘূৰ সম্প্ৰদায়ক আশ্ৰয় দিব বুলি বেইজিং শংকিত হৈ আছিল । ৱাং ইৰ স’তে হোৱা তালিবানৰ শীৰ্ষ পৰ্যায়ৰ নেতৃত্বৰ বৈঠকত বিগত মাহত আফগানিস্তানক সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থলী হ’বলৈ নিদিয়ে বুলি তালিবান নেতৃত্ব‌ই আশ্বাস দিয়ে । এই বৈঠক সম্পন্ন হৈছিল চীনৰ টিয়ানজিনত । ইয়াৰ বিনিময়ত চীনে আফগানিস্তান পুনৰ গঠনৰ বাবে অৰ্থনৈতিক সহায়ৰ বিনিয়োগৰ প্ৰস্তাৱ দিছিল ।

চৰ্চা অনুসৰি তালিবানৰ এই আক্ৰমণৰ আঁৰত চীনৰ প্ৰত্যক্ষ সহযোগ আছে । বাণিজ্য বিস্তাৰ কৰাৰ বাবে এতিয়া বহু বেছি সুযোগ চীনে লাভ কৰিব বুলি ধাৰণা কৰা হৈছে । আনহাতে, আমেৰিকাৰ স’তে থকা শত্ৰুতাৰ বাবে ২০ বছৰ ধৰি আফগানিস্তানত মাৰ্কিন প্ৰভাৱ চীনৰ বাবে গ্ৰহণযোগ্য নাছিল । সেয়েহে আমেৰিকা আঁতৰি যোৱাৰ লগে লগে তালিবানৰ আগ্ৰাসনক আনুষ্ঠানিক স্বীকৃতি দিয়ে ।

চীনৰ মুখপাত্ৰ হুৱাই কয় যে তালিবান নিয়ন্ত্ৰণাধীন আফগানিস্তানৰ স’তে বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্ক আগুৱাই নিবলৈ সাজু চীন । আজি তেওঁ নতুন আফগান শাসকগোষ্ঠীক আন্তৰ্জাতিক বাহিনীৰ স’তে সম্পূৰ্ণ সম্পৰ্ক ভংগৰ বাবে আহ্বান জনোৱাৰ লগতে আফগানিস্তান যাতে পুনৰ সন্ত্ৰাসবাদীৰ মিলনথলী হ’ব নোৱাৰে সেয়া ৰোধ কৰিবলৈ লগতে আহ্বান জনায় ।

Exit mobile version