লাখটকীয়াত পানবজাৰ আৰক্ষীৰ সফল অভিযান, নগদ ধনসহ ড্ৰাগছ-ম’বাইল জব্দ

পানবজাৰ আৰক্ষী থানাৰ চেণ্ট্ৰেল গুৱাহাটী পুলিচ ডিষ্ট্ৰিক্টৰ (চিজিপিডি)ৰ এটা দলে লাখটকীয়াৰ এছ‌এছ ৰোডত অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰে ।

বৰপেটা জিলাৰ টাৰাবাৰী আৰক্ষী চকীৰ অধীনস্থ বৰভিটা গাঁৱৰ ছাহাদ আলীৰ পুত্ৰ মেহবুব আলী আৰু কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষী চকীৰ অধীন ১ নং টেংনাৰভিটাৰ ৰকিবুল ইছলামৰ পত্নী ৰংমলা বেগমক গ্ৰেপ্তাৰ কৰা হয় ।

আৰক্ষীয়ে তেওঁলোকৰ পৰা ড্ৰাগছৰ দুটা চাবুনৰ বাকচ, ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ ৯৯টা চিচি, তিনিশটা খালি প্লাষ্টিক চিচি, নগদ এক লাখ এহেজাৰ টকা আৰু তিনিটা ম’বাইল জব্দ কৰে ।

Exit mobile version