এবছৰৰ বিৰতিত উপায়ুক্তৰ প্ৰচেষ্টাত বৰপেটাত মহিলাৰ বন্ধ‌্যাকৰণ অস্ত্ৰোপচাৰ আৰম্ভ

ivf baby fb

প্ৰায় এবছৰ বিৰতিত বৰপেটা জিলা অসামৰিক চিকিৎসালয়ত মহিলাৰ স্থায়ী বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰ পুনৰ আৰম্ভ হৈছে। যোৱা ১৭ আগষ্টত কলগাছিয়াত থকা চিকিৎসালয়খনত ১৯ গৰাকী মহিলাৰ সফল লেপ্ৰোস্কোপিক অস্ত্ৰোপচাৰেৰে বন্ধ্যাকৰণ কৰা হয় ।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, যোৱা বছৰৰ কৰ’না মহামাৰী আৰম্ভ হোৱাৰ সময়ৰ পৰাই চিকিৎসালয়খনত এই অস্ত্ৰোপচাৰ বন্ধ হৈ পৰিছিল। পাছত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অস্ত্ৰোপচাৰ কৰাৰ অনুমতি প্ৰদান কৰা হয় যদিও উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসকৰ অভাৱত এই কাম আৰম্ভ কৰিব পৰা হোৱা নাছিল । বিষয়টো উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি ইয়াৰ বাবে জৰুৰীভাবে অস্থায়ী চিকিৎসক নিয়োজিত কৰিবলৈ অনুৰোধ জনায় ।

অধ্যক্ষ‌ই ইয়াত সহাঁৰি দি চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ৰুমেন চন্দ্ৰ বড়োক মাহৰ প্ৰথম আৰু তৃতীয় মঙ্গলবাৰে আৰু ডাঃ ছহিদুল আলম বৰভূঞাক মাহৰ দ্বিতীয় আৰু চতুৰ্থ মঙ্গল বাৰে অসামৰিক চিকিৎসালয়ত বন্ধ্যাকৰণ অস্ত্ৰোপচাৰৰ বাবে নিয়োজিত কৰে। সেই অনুসৰি কালি সুদীৰ্ঘ এবছৰৰো অধিক দিনৰ ব্যৱধানত চিকিৎসালয়খনত প্ৰথমবাৰলৈ লেপ্ৰোস্কোপিক অস্ত্ৰোপচাৰেৰে বন্ধ্যাকৰণ কৰা হয়। যোৱা মংলবাৰে অস্ত্ৰোপচাৰৰ বাবে মুঠ ২৩ গৰাকী মহিলাই নাম পঞ্জীয়ন কৰিছিল যদিও মূৰকত ১৯ গৰাকীয়েহে সফলতাৰে বন্ধ্যাকৰণ কৰোৱায়।

উল্লেখযোগ্য যে সমগ্ৰ জিলাখনৰ ভিতৰত সম্প্ৰতি কেৱল বৰপেটা জিলা অসামৰিক চিকিৎসালয়তহে এই অস্ত্ৰোপচাৰ কৰোৱা হয় । এতিয়াৰে পৰা প্ৰতি মংলবাৰে এই অস্ত্ৰোপচাৰ কৰা হ’ব বুলি জিলা জনসংযোগ বিষয়াই জনাইছে ।

Exit mobile version