মেছিয়ে চকুপানী মচা টিছু পেপাৰ বিক্ৰী হৈছে অভাৱনীয় মূল্যত

Messi Cry

বাৰ্ছেলোনাৰ হৈ শেষত সংবাদ বৈঠকত কান্দিছিল লিয়’নেল মেছিয়ে । পত্নী এণ্ট’নেলা ৰোকুছোৱে তেতিয়া তেওঁক টিছু পেপাৰ এখন আগবঢ়ায় দিছিল । সেইটোৱেদি চকুপানী মচিছিল মেছিয়ে । সেই টিছু পেপাৰে এতিয়া বিক্ৰী হৈছে বৃহৎ মূল্যত ।

প্ৰকাশিত খবৰ অনুসৰি, চকু মচাৰ পাছত মেছিয়ে টিছুটো পেলায় দিছিল । তেওঁৰ সংবাদমেলত উপস্থিত থকা এজন লোকে টিছুটো পায় । তেওঁ সেই টিছুটো বিক্ৰী কৰিব বিচাৰে এক মিলিয়ন ডলাৰত (ভাৰতীয় মুদ্ৰাত সাত কোটি ৪৪ লাখ টকা) । যিয়ে এই মূল্য দিব তেওঁকেই টিছু পেপাৰখন বিক্ৰী কৰিব ব্যক্তিজনে ।

এটা অদ্ভুত দাবী কৰিছে ব্যক্তিজনে । তেওঁৰ মতে, এই টিছু পেপাৰত মেছিৰ জিন আছে । সেই জিনৰ পৰা ক্লোন তৈয়াৰ কৰি মেছিৰ দৰেই আন এজন ফুটবলাৰ তৈয়াৰ কৰিব পাৰে বাৰ্ছেলোনাই । অৱশ্যে বৈজ্ঞানিকসকলে এই দাবী নাকচ কৰিছে। তেওঁলোকৰ দাবী, এনেদৰে কাৰো ক্লোন তৈয়াৰ কৰা এতিয়াই সম্ভৱ হৈ উঠা নাই ।

সূত্ৰ অনুসৰি, মেছিৰ টিছু পেপাৰ বিক্ৰী কৰাত বাৰ্ছেলোনাৰ কোনো জড়িত নাই । বহুতৰ ধাৰণা, ইমান দাম দি টিছু পেপাৰ ক্ৰয় কৰিবলৈও কোনো আগ্ৰহী নহ’ব ।

Exit mobile version