চাৰিমাহ পাছত দেশত খুলিল চিত্রগৃহ, ৫০ শতাংশ দর্শকৰে প্রদর্শিত ‘বেল বটম’

k8rl2os8 akshay

যােৱা এপ্রিলৰ পৰা দেশৰ চিত্ৰগৃহসমূহ কৰ’নাৰ সংক্ৰমণৰ ফলত বন্ধ হৈ আছে। অৱশ্যে যােৱা ১৫ জুলাইত চিত্রগৃহসমূহ ৫০ শতাংশ দর্শকৰে পুনৰ মুকলিৰ বাবে অনুমতি দিয়া হৈছিল। কিন্তু নতুন ছবিৰ মুক্তি নােহােৱাৰ ফলত চিত্ৰগৃহ বন্ধ হৈ আছিল। বৃহস্পতিবাৰে অক্ষয় কুমাৰ অভিনীত ‘বেল বটম’ ছবিখনে মুক্তি লাভ কৰাত মধ্য প্রদেশ আৰু চত্তিছগড়ত একাংশ চিত্ৰগৃহৰ দুৱাৰ দৰ্শকৰ বাবে পুনৰ মুকলি হ’ল।

মধ্য প্রদেশৰ ৰাজধানী ভূপাল আৰু চত্তিছগড়ৰ ৰাজধানী ৰাইপুৰত চিত্ৰগৃহত ৫০ শতাংশ দর্শকৰে ‘বেল বটম’ প্রদর্শন কৰা হৈছে। ৰাইপুৰৰ চিত্ৰগৃহত দর্শকৰ উপস্থিতি আছিল যথেষ্ট উৎসাহজনক। পি ভি আৰ চিত্ৰগৃহই দর্শকসকলক প্রতিষেধক গ্রহণৰ প্রমাণপত্র প্রদর্শন কৰিলে এটা টিকট বিনামূল্যে প্রদানৰ ব্যৱস্থা কৰিছে। চাৰিমাহৰ পাছত ভূপালতাে সকলােবােৰ চিত্রগৃহত প্রথমবাৰৰ বাবে ছবি প্রদর্শন কৰা হৈছে। ভূপালৰ চিত্ৰগৃহতাে যথেষ্টসংখ্যক দর্শকে ‘বেল বটম’ উপভােগ কৰিবলৈ ভিৰ কৰিছে।

Exit mobile version