আফগান ইছ্যুত বাইডেনৰ জনপ্রিয়তা হ্রাস, হেৰিছক আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে বিচাৰে ৪৩ শতাংশ মার্কিন নাগৰিকে

gettyimages 465470375

আফগানিস্তানত মার্কিন সেনা প্রত্যাহাৰ আৰু তালিবানৰ পুনৰ উত্থানৰ পাছত আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ জনপ্রিয়তা যথেষ্ট হ্রাস পালে। যােৱা সপ্তাহত সম্পন্ন হােৱা এক সমীক্ষাত মার্কিন ৰাষ্ট্রপতি জনপ্রিয়তাৰ ৰেটিং সাত শতাংশ হ্রাস পালে।

বাইডেনৰ জনপ্রিয়তা হ্রাসৰ বিপৰীতে নিজৰ জনপ্রিয়তা অক্ষুন্ন ৰাখিবলৈ সফল হ’ল উপ-ৰাষ্ট্রপতি কমলা হেৰিছ। ৰাষ্ট্রপতি নির্বাচিত হােৱাৰ পাছত বাইডেনৰ জনপ্রিয়তা এই মুহূর্তত হৈছে সর্বনিম্ন।

প্রাপ্তবয়স্ক মার্কিন নাগৰিকসকলৰ ৪৬ শতাংশৰ মতে দেশক নেতৃত্বদানৰ বাবে বাইডেন যােগ্য। ইমানদিনে দেশৰ ৫৩ শতাংশ লােকে বাইডেন আমেৰিকাৰ নেতৃত্বদানৰ বাবে যােগ্য বুলি বিবেচিত কৰিছিল।

একেটা সমীক্ষাতে ৪৩ শতাংশ প্রাপ্তবয়স্ক মার্কিন নাগৰিকে হেৰিছক ৰাষ্ট্ৰপতিৰ পদৰ যােগ্য প্রার্থী বুলি মত প্রকাশ কৰে। আফগানিস্তানৰ বর্তমান পৰিস্থিতিৰ বাবে এই সমীক্ষাত মার্কিন নাগৰিকসকলৰ সৰহসংখ্যকে বাইডেনৰ বৈদেশিক নীতিকে জগৰীয়া কৰিছে।

Exit mobile version