তালিবানৰ সমৰ্থনত সামাজিক মাধ্যম ফেচবুকত বিতৰ্কিত পোষ্ট দি বাগসাৰ শালবাৰীত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয় এগৰাকী শিক্ষক-সাংবাদিক৷
শালবাৰীৰ গোৱৰ্ধনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষক তথা E news NE, ne TIME INDIA আৰু প্ৰাতঃ টাইম নামৰ তিনিটাকৈ ৱেব পৰ্টেলৰ সাংবাদিক গৰাকী হৈছে ৰফিকুল ইছলাম৷
আজি পুৱতি নিশা গোৱৰ্ধনা আৰক্ষীয়ে নিজ গৃহৰপৰা আটক কৰা ৰফিকুল ইছলাম নামৰ শিক্ষক-সাংবাদিক গৰাকীৰ বিৰুদ্ধে গোৱৰ্ধনা থানাত ১৬৮/২১ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি/১৫৩এ/এ১এ/১৫৩বি(১এ/১চি)/২৯৮/৫০৫(১বি/১চি)/৫০৫(২)/৩৯(১বি) ধাৰাত গ্ৰেপ্তাৰ কৰিছে৷
উল্লেখ্য যে তালিবানৰ সমৰ্থনক লৈ পোষ্ট কৰাৰ উপৰিও ধৃত ৰফিকুলে বহুদিন আগৰপৰাই সামাজিক মাধ্যমত বহু বিতৰ্কিত পোষ্ট দি অহাৰ তথ্যও লাভ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷
শান্তি সম্প্ৰীতি অটুত থকা বাগসা জিলাত অশান্তি বিয়পাব বিচৰা যিকোনো লোককে বাগসা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বুলি মন্তব্য কৰে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱাই৷